সাধাৰণ জনতাৰ নহয়, কৃত্ৰিম বানত বুৰ গ’ল খোদ জিলা উপায়ুক্তৰ চৰকাৰী বাহন…

কৃত্ৰিম বানৰ এক ভয়াৱহ পৰিস্থিতি।

সাধাৰণ জনতাৰ নহয়, এইবাৰ কৃত্ৰিম বানত বুৰ গ’ল খোদ জিলা উপায়ুক্তৰ চৰকাৰী বাহন।

ৰাজস্থানৰ শ্ৰীগংগানগৰত কৃত্ৰিম বানৰ ফলত সৃষ্টি হৈছে এক অবৰ্ণনাতীত পৰিস্থিতিৰ।

কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাত সৃষ্টি হৈছে এই ভয়াবহ পৰিস্থিতিৰ।

image 165
সাধাৰণ জনতাৰ নহয়, কৃত্ৰিম বানত বুৰ গ’ল খোদ জিলা উপায়ুক্তৰ চৰকাৰী বাহন... 4

এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন ঠাইত নিয়োগ কৰা হৈছে সেনা বাহিনীৰ লোককো।

গংগানগৰৰ জিলা উপায়ুক্ত ৰুক্মিণী চিহাগৰ উদ‍্যোগতে সেনাবাহিনী নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

নেৰানেপেৰা এই বৰষুণে প্ৰায় আঠ বছৰৰ অভিলেখ ভংগ কৰিছে। সন্ধিয়াৰ শেষৰ ফালৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক বৰষুণৰ বাবে ৰাতিপুৱালৈকে 90 মিঃমিঃতকৈ অধিক বৰষুণ হয়।

image 166
সাধাৰণ জনতাৰ নহয়, কৃত্ৰিম বানত বুৰ গ’ল খোদ জিলা উপায়ুক্তৰ চৰকাৰী বাহন... 5

গংগানগৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত শ্ৰীকৰণপুৰ, হিন্দুমলকোট, ৰাইজিং নগৰ, অনুপগড়কে ধৰি কেইবাটাও কাষৰীয়া অঞ্চল প্লাবিত হয়।

বৰষুণৰ পানী উলিয়াবলৈ স্থাপন কৰা দহটাতকৈও অধিক পাম্প ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে।

ইফালে বান পৰিস্থিতি মোকাবিলা কৰিবলৈ আহি নিজেই বানৰ কবলত পৰে জিলা উপায়ুক্ত ৰুক্মিণী চিহাগ।

image 167
সাধাৰণ জনতাৰ নহয়, কৃত্ৰিম বানত বুৰ গ’ল খোদ জিলা উপায়ুক্তৰ চৰকাৰী বাহন... 6

বান পৰিদৰ্শন কৰিবলৈ আহোতেই এখন ফ্লাইঅভাৰৰ তলত ডুব যায় উপায়ুক্ত গৰাকীৰ চৰকাৰী বাহনখন।

আনহাতে, বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত এখন বাইক বৈদ্যুতিক খুটাৰ ওচৰত থকা এটা গাঁতত পৰি যায়। ইয়াৰ ফলত বাইক আৰোহী অনিল আৰু তেওঁৰ ভগ্নী মনীষা বিদ‍্যুৎপৃষ্ট হয় আৰু থিতাতে মৃত্যু হয়।

বতৰ বিজ্ঞানীসকলৰ মতে গংগানগৰত হোৱা বৰষুণে প্ৰায় আঠ বছৰৰ অভিলেখ ভংগ কৰিছে। বৰষুণৰ বাবে, নিৰাপত্তাজনিত কাৰণত বহুতো অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে।