ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব AIUDF দলে, সংবাদমেলযোগে ঘোষণা দলটোৰ…

ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব AIUDF দলে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত সংবাদমেল সম্বোধন কৰি দলটোৱে এই কথা স্পষ্ট কৰে।

লগতে সিনহাৰ এজেণ্ট হিচাপে আমিনুল ইছলাম আৰু মজিবুৰ ৰহমান থাকিব বুলি সংবাদমেলত সদৰি কৰে।

সংবাদমেলত দলটোৰ বিধায়ক আমিনুল ইছলামে কয়, ‘সিনহা কংগ্ৰেছৰ প্ৰাৰ্থী নহয়। তেওঁলোকে যেনেকৈ যশোৱন্ত সিনহাক সমৰ্থন দিছে আমিও তেনেদৰে সমৰ্থন দিছো।’

লগতে কংগ্ৰেছৰ প্ৰতিজন বিধায়ককে সিনহাক সপক্ষে ভোট দিবলৈ আহ্বান জনাই AIUDF-য়ে।

ইফালে, যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সময়ত কংগ্ৰেছে কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত এ আই ইউ ডি এফ দলক নিমন্ত্ৰণ জনোৱা নাছিল বুলিও সংবাদমেলত উল্লেখ কৰে।