ভয়ংকৰ দুৰ্ঘটনা! এটা ছাগলী বচাবলৈ গৈ নদীত পৰিল এল্ট’ বাহন, কথমপি প্ৰাণৰক্ষা ৪ জনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এটা ছাগলী বচাবলৈ গৈ নদীত পৰিল এখন এল্ট’ বাহন।

কাৰ্বি আংলং জিলাৰ চিলনীজানত সংঘটিত হৈছে এই ভয়ানক পথ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই এখন এল্ট’ গাড়ী নদীত পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাটোত ভাগ‍্যক্ৰমে প্ৰাণৰক্ষা পৰে বাহনখনত থকা ৪ জনকৈ আৰোহীৰ।

image 163
ভয়ংকৰ দুৰ্ঘটনা! এটা ছাগলী বচাবলৈ গৈ নদীত পৰিল এল্ট’ বাহন, কথমপি প্ৰাণৰক্ষা ৪ জনৰ... 3

জানিব পৰা মতে, শনিবাৰে চিলনীজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰডেকা তিনিআলিত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। এখন এল্ট’ বাহন কহিমাৰ পৰা আহি থকা অৱস্থাত সন্মুখত হঠাতে আহি যোৱা এটা ছাগলীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে।

দুৰ্ঘটনাটোৰ ফলত গাড়ী খনৰ চাৰিজনকৈ আৰোহীৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় আৰু বাহনখনো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

image 164
ভয়ংকৰ দুৰ্ঘটনা! এটা ছাগলী বচাবলৈ গৈ নদীত পৰিল এল্ট’ বাহন, কথমপি প্ৰাণৰক্ষা ৪ জনৰ... 4

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে বৰপথাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত লোক কেইজনক উদ্ধাৰ কৰি বোকাজান সামুহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাগ্ৰস্থ বাহনখন পিছত আৰক্ষী তথা প্ৰশাসনৰ লোকে উদ্ধাৰ কৰে।