অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুই বাইক আৰোহী।

ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভোটপাৰাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুজন বাইক আৰোহী থিতাতে নিহত হয়।

নিহত যুৱকদ্বয় বিলকন হৰ’ আৰু ৰহন বুলি জানিব পৰা গৈছে।

নিহত দুই যুৱকৰ ঘৰ টিংখুৰিয়া চাহবাগিচাৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

ঢেকিয়াজুলি ভোটপাৰা ৰাজীৱ গাঁৱত এএছ০৪ ভি৩৫৪৭ নম্বৰৰ এখন গ্লেমাৰ বাইক আৰু এখন ট্ৰাকৰ মাজত হয় এই মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰে বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি ঢেকিয়াজুলি থানালৈ লৈ আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *