অসমীয়াৰাষ্ট্ৰীয়

সম্প্ৰীতিৰ নিদৰ্শনঃ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুছলমান পৰিয়ালে দান কৰিলে ৯০ লাখ টকাৰ সম্পত্তি

নিউজ ডেস্কঃ ৰাজনৈতিক বা ব্যক্তিগত স্বাৰ্থত একাংশই ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত সৃষ্টি কৰি আহিছে সাম্প্ৰদায়িক বিদ্বেষ। সম্প্ৰীতিৰ এনাজৰীৰে বন্ধা ভাৰত ভূমিত একাংশই চটিওৱা ঘৃণাৰ ৰাজনীতিয়ে প্ৰতিদিনে সৃষ্টি কৰিছে সংঘাতৰ।

কিন্তু তাৰ মাজতে এনে কিছুমান বাতৰি পোৱা যায়, যিবোৰে ধৰ্মীয় ভেদাভেদ পাহৰি ভাতৃত্ববোধেৰে আমাক জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰে। তেনে এক নিদৰ্শনেই সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ এজন মুছলমান লোকে।

দেশৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক অস্থিৰতা আৰু উত্তেজনাই বিৰাজ কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ এটা মুছলমান পৰিয়ালে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিছে ৯০ লাখ টকাৰ সম্পত্তি।

পৰিয়ালটোৱে ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁলোকৰ ৯০ লাখ টকাৰ ব্যক্তিগত সম্পত্তি হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।

image 2022 05 07 14 37 01

মুজাফ্ফৰনগৰৰ খালাপাৰ নিবাসী ড০ মহম্মদ সমৰ গজনীয়ে শুকুৰবাৰে ঘোষণা কৰি বাৰ্তা দিব বিচাৰিছে যে মুছলমানসকলেও অযোধ্যা আৰু গেৰুৱা বৰণ ভাল পায়।

উল্লেখ্য যে, ড০ সমৰ গজনীয়ে শেহতীয়া ঈদৰ সময়ত গেৰুৱা বস্ত্ৰ পৰিধান কৰি নামাজ আদায় কৰাক লৈও যথেষ্ট চৰ্চিত হৈছিল।

यूपी में भगवा वस्त्र पहनकर अदा की ईद की नमाज, जिसने भी देखा चौंक गया

উত্তৰ প্ৰদেশ চৰকাৰৰ বিজেপি সংখ্যালঘু সমাজ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী মহম্মদ সমৰ গজনীয়ে কয়, “যোগী আদিত্যনাথ কোনো ধৰ্মৰ বিৰোধী নহয়, তেওঁ কেৱল অপৰাধী আৰু মাফিয়াৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে।’’

তেওঁ লগতে কয়, ”মোৰ ওচৰত ৯০ লাখ টকাৰ এটা সম্পত্তি আছে, যিটো মই অযোধ্যাৰ নামত যোগীজীৰ হাতত অৰ্পন কৰিম। ঈদৰ নামাজত মই পিন্ধা গেৰুৱা কাপোৰৰ জৰিয়তে মই দিব বিচৰা বাৰ্তাটো আছিল যে, যোগীজীৰ কাপোৰৰ যি গেৰুৱা ৰং সেয়া নিৰ্দিষ্ট ধৰ্ম বা হিন্দু-মুছলমানৰ বিৰোধী নহয়।’’

Leave a Reply

Your email address will not be published. Required fields are marked *