অসমীয়াঅসম

অসমত উপস্থিত তাৰকা ৰেষ্টলাৰ দ্য গ্ৰেট খালী, বিমান বন্দৰত ঢোলে-দগৰে আদৰিলে অসমীয়াই

নিউজ ডেস্কঃ অসমত উপস্থিত হৈছে ডব্লিউ ডব্লিউ ই খ্যাত ভাৰতীয় ৰেষ্টলাৰ দ্য গ্ৰেট খালী।

এটা ব্যক্তিগত ষ্টীল কোম্পানীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হয় তাৰকা ৰেষ্টলাৰ গৰাকী।

image 2022 05 07 14 36 06

ইফালে বিমান বন্দৰত গ্ৰেট খালী উপস্থিত হোৱাৰ পিছতে ঢোলে দগৰে তেওঁক আদৰণি জনায় তেওঁৰ শুভাকাংক্ষীসকলে।

অসমীয়াৰ মৰমত আপ্লুত হৈ পৰা গ্ৰেট খালীয়ে বিমান বন্দৰতে শুভাকাংক্ষী সকলক লগ কৰিবলৈ পাই আনন্দ ব্যক্ত কৰে।

উল্লেখ্য যে, আজি দ্বিতীয়বাৰৰ বাবে অসমত উপস্থিত হৈছে ভাৰতীয় ৰেষ্টলাৰ গৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *