অসমীয়াঅসম

সম্প্ৰীতিৰ অনন্য নিদৰ্শন! মন্দিয়া জামে মছজিদক বৰপেটা সত্ৰৰ ৫ বিঘা ভূমি দান…

নিউজ ডেস্কঃ ধৰ্মীয় অসহিষ্ণুতাই সমগ্ৰ দেশতে বিষবাষ্প বিয়পোৱাৰ সময়তে সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল ধৰি ৰাখি পুনৰ অনন্য নিদৰ্শন দাঙি ধৰিলে বৰপেটা সত্ৰই।

বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাই দেখুৱাই দিয়া বাটেৰে খোজ লৈ মন্দিয়া জামে মছজিদক সত্ৰৰ ৫ বিঘা ভূমি হস্তান্তৰ কৰে বৰপেটা সত্ৰ সমিতিয়ে।

image 43

উল্লেখ্য যে, বৰপেটাৰ বাঘবৰ সমষ্টিৰ হিন্দু-মুছলমান প্ৰতিজন ব্যক্তিৰ মনতে আকুণ্ঠ আস্থাৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হোৱা বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাই ২০২২ চনৰ ৩১ আগষ্টত মন্দিয়া জামে মছজিদক সত্ৰৰ ৫ বিঘা ভূমি দান কৰাৰ চুক্তি-পত্ৰ সম্পাদন কৰিছিল।

ইয়াৰ পিছতে বুধবাৰে এক ৰাজহুৱা সভাৰ জৰিয়তে এই মাটি মছজিদ সমিতিক হস্তান্তৰ কৰে সত্ৰ সমিতিয়ে।

image 44

এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা সভাখনত মন্দিয়া জামে মছজিদ কমিটীৰ সভাপতি আলহাজ জৈনুদ্দিন আহমেদ, সম্পাদক ৰহম আলী আহমেদ, বৰপেটা সত্ৰৰ সভাপতি গৌতম দাস, সম্পাদক প্ৰভাত দাসকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া আৰু শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।