
কৰুণ পৰিসমাপ্তি! ২২ ফেব্ৰুৱাৰীত অন্য যুৱকৰ সৈতে পৰিয়ালে ঠিক কৰিছিল পিংকীৰ বিয়া, তাৰ পূৰ্বে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেমিক-প্ৰেমিকাই…
নিউজ ডেস্কঃ নিজৰ অমান্তিত পৰিয়ালে বিয়া ঠিক কৰাৰ বাবেই প্ৰায় একে সময়তে জীৱন শেষ কৰি পেলালে এহাল প্ৰেমিক যুটীয়ে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাছগঞ্জৰ কোতৱালি আমনপুৰ অঞ্চলৰ অৰ্জুনপুৰ কাদিম গাঁৱত।
বুধবাৰে প্ৰেমিক যুৱকজনৰ মৃতদেহ গাঁৱৰ বাহিৰৰ এজোপা আম গছত ওলমি থকা অৱস্থাত উদ্ধাৰ বিপৰীতে প্ৰায় একে সময়তে নিজ ঘৰৰ শোৱনী কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰেমিকা যুৱতীগৰাকীৰ মৃতদেহ।
জানিব পৰা মতে, গাঁওখনৰ নিৱাসী ব্ৰজেশ চাহু (২০) আৰু পিংকী শাক্য (১৮)ৰ মাজত বিগত প্ৰায় এবছৰ ধৰি আছিল প্ৰেমৰ সম্পৰ্ক।

যুৱক-যুৱতীহালে গোটেই জীৱন একেলগে পাৰ কৰিব বিচাৰিছিল যদিও জাতি বৈসম্যৰ বাবে ঘৰত এই প্ৰেমৰ কথা ক’ব পৰা নাছিল পিংকীয়ে।
কিন্তু শেহতীয়াকৈ পিংকীৰ পৰিয়ালে দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা ইকানে-সিকানে গম পোৱাৰ পিছতে সিদ্ধপুৰা অঞ্চলৰ এজন যুৱকৰ সৈতে পিংকীৰ বিয়া ঠিক কৰে পৰিয়ালে।
অহা ২২ ফেব্ৰুৱাৰীত এই বিবাহখন সম্পন্ন হোৱাৰ কথা আছিল।

আনহাতে ব্ৰজেশৰ ভাতৃ কৌশলে জানিবলৈ দিয়া মতে, কৰ্মসূত্ৰে গাঁৱৰ বাহিৰত আছিল ব্ৰজেশ। মঙলবাৰে তেওঁ ঘৰলৈ অহাৰ পিছতে পিংকীৰ খুৰাক আৰু আন দুজন লোক তেওঁলোকৰ ঘৰলৈ আহে আৰু ব্ৰজেশক নিজৰ লগত ঘৰলৈ লৈ যায়।
তাত ব্ৰজেশৰ হতুৱাই পিংকীৰ পৰিয়ালে ডাক টিকত সম্বলিত কাগজত কিবা লিখাই লোৱা বুলিও দাবী কৰে ব্ৰজেশৰ ভাতৃয়ে।
ইয়াৰ পিছতে বুধবাৰে পুৱা পথাৰলৈ বুলি ওলাই যোৱা ব্ৰজেশ বহু সময় ধৰি ঘৰলৈ ওভতি নহাত পৰিয়ালৰ লোকে বিচাৰি যায় আৰু আম গছ এজোপাত চিপ লোৱা অৱস্থাত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

ইফালে ব্ৰজেশৰ মৃতদেহ উদ্ধাৰৰ পিছতে পুৱা প্ৰায় ৯.৩০ বজাত পৰিয়ালৰ সৈতে মৃতদেহ চাবলৈ যায় পিংকীয়েও। কিন্তু তাৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে শোৱনী কোঠাত উদ্ধাৰ হয় পিংকীৰো মৃতদেহ।
পিংকীৰ আনৰ সৈতে বিয়া ঠিক হোৱাৰ বাবেই দুয়ো প্ৰেমিক-প্ৰেমিকাহালে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে গাঁওবাসীয়ে।
ইতিমধ্যে আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।





