চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১০ ফেব্ৰুৱাৰী, শুকুৰবাৰ

মেষ ৰাশি- মন অস্থিৰ হৈ থাকিব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক। পৰিশ্ৰম অধিক হ’ব। মানসিক কষ্ট থাকিব পাৰে। খৰচৰ অতিৰিক্ততা থাকিব। ব্যৱসায়ৰ পৰা আয় বৃদ্ধি পাব। বিদেশ ভ্ৰমণলৈ যাব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। বিত্তীয় পৰিস্থিতি অনুকুল হব।

বৃষ ৰাশি- মন সুখী হৈ থাকিব, কিন্তু ধৈৰ্য্যৰ অভাৱো হ’ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। অত্যাধিক পৰিশ্ৰমে ভাগৰুৱা কৰি তুলিব পাৰে। বন্ধুৰ সহায়ত কৰ্মসংস্থাপনৰ সুবিধা বিচাৰি পাব পাৰে। ঘৰত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’ব। পাৰিলে আজি দূৰ ভ্ৰমণ পৰিহাৰ কৰক। স্বাস্থ্যৰ যতন ৰাখক।

মিথুন ৰাশি- মন অস্থিৰ হৈ থাকিব। আত্মবিশ্বাসৰ অভাৱ হ’ব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। ব্যৱসায়ত অসুবিধা হ’ব পাৰে। পিতৃৰ সহায় লাভ কৰিব পাৰে। খৰচ বাঢ়িব। বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা সফল হ’ব পাৰে। ধনৰ লেনদেনত সাৱধান হওক। সহজকে কাকো বিশ্বাস নকৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আত্মনিয়ন্ত্ৰিত হওক। অপ্ৰয়োজনীয় খং আৰু বিতৰ্ক পৰিহাৰ কৰক। চাকৰিৰ ক্ষেত্ৰখনত পৰিৱৰ্তন হ’ব পাৰে। কঠোৰ পৰিশ্ৰম বেছি হ’ব। বৌদ্ধিক কামত সন্মান লাভ কৰিব পাৰে। চাকৰি, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ’ব।

সিংহ ৰাশি- মন অশান্ত হৈ থাকিব। শান্ত হওক। মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। সুখ বাঢ়িব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হ’ব। খৰচ বাঢ়িব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। ৰাজনীতিৰ সৈতে জড়িত সকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে।

কন্যা ৰাশি- মন সুখী হব। পঢ়াৰ প্ৰতি আগ্ৰহী হ’ব। লেখা আৰু বৌদ্ধিক কামত সন্মান থাকিব। কঠোৰ পৰিশ্ৰম বেছি হ’ব। বন্ধুৰ সমৰ্থন পাব। খৰচো বৃদ্ধি পাব। হঠাৎ ধন লাভ কৰিব পাৰে। ঘৰুৱা ব্যয় বৃদ্ধি পাব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। অতিথিৰ আগমণ ঘটিব পাৰে ঘৰলৈ।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- মন অশান্ত হ’ব পাৰে। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান হ’ব পাৰে। পৰিশ্ৰম অধিক হব। পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় ঠাইলৈ যাব পাৰে। বন্ধুৰ সমৰ্থন পাব। ব্যৱসায়ত মনোযোগ নিদিলে লোকচান বৃদ্ধি পাব পাৰে। ভাতৃৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হব।

বৃশ্চিক ৰাশি- আত্মবিশ্বাস পূৰ্ণ হ’ব, কিন্তু কথা-বতৰাত সংযত থাকক। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। পৰিয়ালৰ সৈতে কোনোবা ধৰ্মীয় ঠাইলৈ যাব পাৰে। বন্ধুৰ সমৰ্থন পাব। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। পুুৰণি সম্পত্তি উপাৰ্জনৰ এক মাধ্যম হব পাৰে। মতানৈক্য এৰাই চলক।

ধনু ৰাশি- আত্মবিশ্বাস থাকিব, কিন্তু ধৈৰ্য্যৰ অভাৱ হ’ব। শৈক্ষিক কামত সুখকৰ ফলাফল পাব। গৱেষণামূলক কামৰ বাবে বিদেশলৈ যাব পাৰে। বন্ধুৰ সমৰ্থন পাব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ সৈতে বিবাদ এৰাই চলক। আপোনাৰ আচৰণে আজি আনক আঘাত দিব পাৰে। ব্যৱসায়ত লাভ থাকিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- ধৈৰ্য্য ধৰক। অতিমাত্ৰা খং আৰু আবেগ পৰিহাৰ কৰক। ব্যৱসায়ত পৰিৱৰ্তনৰ সম্ভাৱনা সৃষ্টি হৈছে। কঠোৰ পৰিশ্ৰম বেছি হ’ব। কিছুমান অসুবিধাও আহিব পাৰে। ব্যৱসায়ৰ বাবে বিদেশলৈ যাব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো শুভ বুলিব নোৱাৰি। পুৰণি ৰোগৰ পৰা নিৰাময় পাব।

কুম্ভ ৰাশি- মনৰ উত্থান-পতন হ’ব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায়ত অসুবিধা হ’ব পাৰে। সজাগ হওক। অভিভাৱকৰ সমৰ্থন পাব। খৰচৰ অতিৰিক্ততা থাকিব। পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। ব্যৱসায়ত ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ দৰকাৰ।

মীন ৰাশি- মানসিক শান্তি থাকিব। তথাপিও আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালৰ সমৰ্থন পাব। চাকৰিটোত বিষয়াসকলৰ সহযোগিতা থাকিব। প্ৰগতিৰ পথ প্ৰশস্ত হব। চাকৰিৰ স্থান সলনিও হ’ব পাৰে। যাত্ৰাৰ সময়ত আজি সাৱধান হোৱাৰ দৰকাৰ। মাতৃৰ সৈতে কোনো কাৰণত মতানৈক্য ঘটিব পাৰে।