সভ্য সমাজৰ অসভ্য কাণ্ড! নমতাকৈ বিয়া খোৱাৰ বাবেই আনে খোৱা বাচন ধুবলগীয়া হ’ল এজন MBAৰ ছাত্ৰ, ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ…

নিউজ ডেস্কঃ নমতাকৈ বিয়া খাবলৈ অহাটোৱেই কাল হ’ল এগৰাকী এমবিএ ছাত্ৰৰ বাবে!

ভাৰতৰ দৰে সংস্কৃতিবান দেশত অতিথিক সদায় ভগৱানৰ সৈতে তুলনা কৰা হয়। আজিও ভাৰতৰ বহু পৰিয়ালে নিজে নাখাই হ’লেও অতিথিক অপ্যায়ন কৰি সুখী হয়।

তাতে যদি বিয়া-সকাম আদি অনুষ্ঠান হয়, তেন্তে নমতাকৈ কোনোবাই আহিলেও অপ্যায়নত কোনো ক্ৰুতি নাৰাখে গৃহস্থই।

কিন্তু এতিয়া সময় সলনি হৈছে। আজিৰ সময়ত অতিথিক ইশ্বৰ নহয়, বৰঞ্চ সমস্যা বুলিহে গণ্য কৰে তথাকথিত সভ্য সমাজে।

বিয়া-সবাহত লাগিলে ৰাহি খাদ্য পেলাই দিব, তথাপিও এজন ব্যক্তিক খুৱাবলৈ মন নাযায় একাংশৰ।

তেনে এটা তথাকথিত সভ্য পৰিয়ালৰে বিবাহ অনুষ্ঠানৰে নমতা আলহী হৈ আনে খোৱা বাচন ধুবলগীয়া হ’ল এজন শিক্ষিত যুৱকে।

মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত এই লজ্জাজনক ঘটনাৰ ভিডিঅ’ খোদ গৃহস্থই ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিভিন্ন জনে যুৱকজনক ন্যায় প্ৰদানৰ দাবী জনাইছে। আনকি ভূপালৰ আৰক্ষী আয়ুক্ত মাক্ৰান্দ দেৱস্কাৰৰ পৰাও কঠোৰ পদক্ষেপ আশা কৰিছে অনেকে।

ভিডিঅ’টোত দেখা পোৱা মতে, এজন যুৱকে বাচন ধুই আছে। গৃহস্থ যেন লগা কোনোৱে কৰিছে এই ভিডিঅ’টো। য’ত যুৱকজনক ইটোৰ পিছত সিটো প্ৰশ্ন কৰা হৈছে।

ভিডিঅ’টোত যুৱকজনে কোৱা মতে, তেওঁ জবলপুৰৰ বাসিন্দা আৰু এমবিএ প্ৰথম বৰ্ষৰ ছাত্ৰ।

নমতাকৈ বিয়া খোৱাৰ বাবেই এইদৰে আনে খোৱা বাচন ধুবলগীয়া হৈছে বুলিও স্পষ্টভাৱে কৈছে যুৱকজনে।

এই ভিডিঅ’টোৱে নিশ্চিত আজিৰ তথাকথিত সভ্য সমাজৰ স্বৰূপ উদঙাইছে।

যি সভ্য সমাজে থালিত জোখতকৈ অধিক খাদ্য লৈ আধা ডাষ্টবিনত পেলাই দিবলৈ কুণ্ঠাবোধ নকৰে, সেই সভ্য সমাজেই এজন শিক্ষিত যুৱকে কোনো কাৰণত নমতাকৈ বিয়াৰ খোৱাৰ বাবে এনেদৰে শাস্তি প্ৰদান কৰাৰ ভিডিঅ’ক সহজভাৱে ল’বপৰা নাই কোনেও।