যােৰহাটৰ অপহৰণ কাণ্ডৰ ৰহস্য ফাদিল, পুত্ৰই অপহৰণৰ নাটক ৰচি পিতৃৰ পৰা দাবী কৰিছিল ৫ লাখ টকা…

যোৰহাট অপহৰণ কাণ্ডৰ নাটকীয় ৰূপ।

পুত্ৰই নিজেই অপহৰণৰ নাটক ৰচি পিতৃৰ পৰা দাবী কৰিছিল ৫ লাখ টকা।

অমৰজিৎ চাহু নামৰ যুৱকজনে অপহৰণৰ নাটক ৰচি নিজ পিতৃৰ পৰা নিজৰেই মুক্তিপন বিচাৰি প্ৰথমে ৫০ লাখ আৰু তাৰ পিছত ৫ লাখ টকা দাবী কৰিছিল।

জানিব পৰা মতে, ৰে’লৱে ষ্টেছনত বাইক ৰাখি অমৰজিতে আৰম্ভ কৰিছিল অপহৰণৰ নাটক।

ইতিমধ্যেই ঠিকাদাৰ ৰাধেশ্যাম প্ৰসাদৰ পুত্ৰ অমৰজিতক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অমৰজিতে পিতৃৰ পৰা দাবী কৰিছিল এখন বিলাসী বাহন, কিন্তু পিতৃয়ে বাহন দিয়াৰ অমান্তি হোৱাত ৰচিছিল এই অপহৰণৰ নাটক।

অভিযোগ অনুসৰি অমৰজিতে বন্ধুৰ সৈতে মিলি পৰিয়ালৰ লোকক টকা দাবী কৰিছিল।

ইতিমধ্যে আটক হৈছে যোৰহাট অপহৰণকাণ্ডৰ মূল অভিযুক্ত। অপহৰণকাৰীটোৰ নাম ৰমেশ চাহু।

উল্লেখ্য যে, বুধবাৰে যোৰহাটৰ পৰা আহিছিল এক অপহৰণ কাণ্ডৰ ঘটনা। ৰেল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এজন যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।