সফলতাৰে সম্পন্ন হ’ল ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ…

অৱশেষত সফলতাৰে সম্পন্ন হ’ল ৰেগিঙৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

আদিত্য নাৰ্ছিংহোমত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সফলতাৰে সম্পন্ন হ’ল আনন্দৰ জটিল অস্ত্ৰোপচাৰ।

অস্ত্ৰোপচাৰৰ পূৰ্বে কান্দি কান্দি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছিল মাতৃ-ভগ্নীৰ লগে বন্ধুবৰ্গই।

নেদেখাজনেই যেন আছিল সকলোৰে বাবে শেষ ভৰষা।

অৱশেষত ৰাইজৰ প্ৰাৰ্থনালৈ যেন সঁহাৰি জনালে ভগৱানে। সফলতাৰে সম্পন্ন হয় আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

উল্লেখ্য যে, ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি-বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। যাৰ ফলত শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছিল আনন্দৰ।