নিউজ ডেস্কঃ সাপ, ফ্লাডলাইট নুমাই যোৱা আদি বিসংগতিৰ মাজতে দেওবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সুন্দৰভাৱে সম্পন্ন হৈ গ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ খেলখন।
এই খেলৰ পিছতে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।
খেলখন সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ আগবঢ়োৱা সকলোকে সংবাদমেলত ধন্যবাদ জ্ঞাপন কৰে এচিএৰ সম্পাদকগৰাকীয়ে।
আনহাতে ষ্টেডিয়ামত সাপ ওলোৱা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেৱজিৎ শইকীয়াই কয় যে সাপ ওলোৱাটো কোনো ইছ্যু নহয়। বেলেগ বেলেগ দেশতো সাপ ওলায়।
এই সাপ ওলোৱাৰ বাবে সকলোৱে মনোৰঞ্জন লাভ কৰিলে বুলিও মন্তব্য কৰে দেৱজিৎ শইকীয়াই।
ইফালে ফ্লাড লাইট বন্ধ হোৱা সন্দৰ্ভত সংবাদমেলত তেওঁ কয় যে এটা সাধাৰন কাৰিকৰী ভুলৰ বাবে ১৫ মিনিটৰ বাবে ফ্লাড লাইট বন্ধ হৈ পৰিছিল।
ইয়াৰ বাবে এপিডিচিএলৰ কোনো ভুল নাই বুলি স্পষ্ট কৰি দি এচিএৰ সম্পাদকগৰাকীয়ে কয় যে, বৰ্ষাপাৰা ষ্টেডিয়ামত বিগত আঢ়ৈ বছৰ ধৰি কোনো ধৰণৰ খেল অনুষ্ঠিত হোৱা নাছিল।
যাৰ বাবে কিছু কিছু ক্ষেত্ৰত খেলিমেলি হৈছিল। এমচিবি চুইছটো পৰি যোৱাৰ বাবেই ফ্লাড লাইট বন্ধ হৈ পৰা বুলিও তেওঁ জানিবলৈ দিয়ে।
আগন্তুক সময়ত এই সমূল লাইট এলইডি লাইটলৈ সলনি কৰা হ’ব বুলি জানিবলৈ দি দেৱজিৎ শইকীয়াই কয়, ‘এপিডিচিএলে আমাক বিদুৎ প্ৰদান কৰিছিল যদিও আমি সেয়া ব্যৱহাৰ কৰা নাছিলো।’
Guwahati me Bharat aur dakshin africa T20 ke dauraan maidan me ghusa saamp #snake #T20WC2022 #Guwahati #viral #ViralVideo #khabreinexpress pic.twitter.com/65gi1t8Xcf
— Khabrein eXpress official (@KhabreineX07) October 3, 2022
অন্যহাতে খেলৰ সময়তে ষ্টেডিয়ামৰ ভিতৰত অধিক দামত খাদ্য সামগ্ৰী বিক্ৰী সন্দৰ্ভত উত্থাপন হোৱা অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেৱজিৎ শইকীয়াই কয় যে অধিক দৰত খাদ্য বিক্ৰী কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
তেনে লোকক গ্ৰেপ্তাৰৰ লগতে ৩ লাখ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব বুলিও স্পষ্ট কৰি দিয়ে এচিএৰ সম্পাদক গৰাকীয়ে।
এইবাৰ আইপিএলৰ ৪-৫ খন খেল অসমত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে দেৱজিৎ শইকীয়াই।