নিউজ ডেস্কঃ এক ন উদ্যমেৰে এতিয়া জনতাৰ কাষত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী।
মূল্যবৃদ্ধি, সাম্প্ৰদায়িক সংঘাত, সংস্থাপনহীনতাৰ দৰে জলন্ত সমস্যাৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰিবলৈ কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে মানুহৰ কাষত থিয় দিছে ৰাহুল গান্ধীয়ে।
শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ মাজতো দেওবাৰে কৰ্ণাটকৰ মহীশূৰত এখন জনসভাত ৰাহুল গান্ধীয়ে মঞ্চত থিয় হৈ থকাৰ কেইটামান ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
"Hum Bharat Jodenge"#BharatJodoYatra pic.twitter.com/jVLebxCwY7
— Bharat Jodo (@bharatjodo) October 2, 2022
ৰাহুল গান্ধীয়ে নিজৰ টুইটাৰ হেণ্ডেলত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাহুলে লিখিছে যে “আমাক কোনেও বাধা দিব নোৱাৰে”।
জনসভাত উপস্থিত থকা হাজাৰ হাজাৰ লোকেও ৰাহুল গান্ধীৰ সৈতে বৰষুণত ভিজি ৰৈ থকা দেখিবলৈ পোৱা গৈছে ভিডিঅ’ত।
দৰাচলতে ভাৰত জোড়ো যাত্ৰাৰ মাজত দেওবাৰে ৰাহুল গান্ধীয়ে মহীশূৰত এখন জনসভাত উপস্থিত হোৱাৰ লগে লগে হঠাতে প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে।
কিন্তু এই ধাৰাসাৰ বৰষুণকো নেওচি হাজাৰ হাজাৰ লোকৰ সন্মুখত ৰাহুল গান্ধীয়ে বৰষুণত তিতি নিজৰ ভাষণ অব্যাহত ৰাখে।
भारत को एकजुट करने से,
— Rahul Gandhi (@RahulGandhi) October 2, 2022
हमें कोई नहीं रोक सकता।
भारत की आवाज़ उठाने से,
हमें कोई नहीं रोक सकता।
कन्याकुमारी से कश्मीर तक जाएगी, भारत जोड़ो यात्रा को कोई नहीं रोक सकता। pic.twitter.com/sj80bLsHbF
ৰাহুল গান্ধীয়ে তেওঁৰ ভাষণত কয়, “এই যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ। ইয়াক কোনেও ৰুধিব নোৱাৰে। বতাহ হওক বা বৰষুণ, গৰম হওক বা জাৰ, আমাৰ যাত্ৰা অব্যাহত থাকিব।’
প্ৰচণ্ড বৰষুণকো প্ৰত্যাহ্বান জনাই জনতাৰ কাষ চপা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই ভিডিঅ’ আৰু দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
অনেকেই ৰাহুল গান্ধীৰ এই ন উদ্যমৰ শলাগ লৈছে আৰু বৰ্তমান দেশত ৰাহুল গান্ধীৰ দৰেই শক্তিশালী বিৰোধীৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে।









