এইবাৰ অসমত টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ, জনালে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈ হোৱা টি-২০ খেলৰ পিছত এইবাৰ অসমত টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে।

এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে অসম ক্ৰিকেট সন্থাই সুন্দৰভাৱে খেলখন অনুষ্ঠিত কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই খেলখনে অসমৰ নাম বৃদ্ধি কৰিব।

কিন্তু অসমত এইবাৰ এখন টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি থকা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় যে অসমত টেষ্ট শৃংখলা অনুষ্ঠিত হ’লে অসমৰ নাম অধিক বৃদ্ধি পাব।

উল্লেখ্য যে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে।

আনহাতে দুয়োটা দলে মিলি ৪ শতাধিক স্ক’ৰ কৰা এক অভিলেখৰো সাক্ষী হৈ ৰ’ল বৰ্ষাপাৰা ষ্টেডিয়াম।