ৰাষ্ট্ৰীয়অসমঅসমীয়া

শ্ৰীনগৰত অকাল বিয়োগ চিআৰপিএফত কৰ্মৰত অসমীয়া জোৱান দীপক কুমাৰ দাসৰ

নিউজ ডেস্ক। শুকুৰবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত মৃত্যুক সাৱটি ল’লে চিআৰপিএফত কৰ্মৰত অসমীয়া জোৱান দীপক কুমাৰ দাসে।

শুকুৰবাৰে পুৱা উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু ঘটে ৩৫ বছৰীয়া দীপক কুমাৰ দাসৰ।

চিঅৰপিএফ জোৱানজনৰ আকস্মিক বিয়োগৰ খবৰে শোকস্তব্ধ কৰিছে ৰাজ্যবাসীক।

P8

নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়া নাহৰহতীয়া গাঁৱৰ নিবাসী দীপক কুমাৰ দাসে ২০০৪ চনত চিআৰপিএফত ভৰ্তি হৈ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত দেশ মাতৃৰ সেৱাত নিয়োজিত হৈ আছিল।

জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে এক শোকাকূল পৰিবেশে বিৰাজ কৰিছে তেওঁৰ বাসগৃহ আৰু সমগ্ৰ অঞ্চলটোত।

P9

এটি দুবছৰীয়া সন্তানৰ পিতৃ দীপক কুমাৰ দাস সমগ্ৰ অঞ্চলটোত এজন সৰল মনৰ ব্যক্তি হিচাপে পৰিচিত আছিল।

ইফালে শ্ৰীনগৰৰ পৰা দীপক কুমাৰ দাসৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

লগতে চাওকঃ

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

G4

Leave a Reply

Your email address will not be published. Required fields are marked *