অসমঅসমীয়া

আলফা (স্বা)ত যোগদান কৰিবলৈ যাত্ৰা কৰা ৩ যুৱকক আটক সেনাৰ

নিউজ ডেস্ক। ভাৰত তথা অসম চৰকাৰৰ সৈতে একপক্ষীয় যুদ্ধবিৰতিত থকা নিষিদ্ধ উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন), অসমৰ পৰেশ বৰুৱা নেতৃত্বাধীন গােটে অব্যাহত ৰাখিছে নতুন সদস্য ভৰ্তি অভিযান।

সংগঠনটােত যােগদান কৰিবলৈ যােৱাৰ পথত পুনৰ সেনাৰ জালত পৰিল ৩ জনকৈ যুৱক।

P5

গােপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাই তিনিচুকীয়াৰ ব্ৰহ্মাজানৰ পৰা আটক হৈছে তিনি যুৱকক। 

P6

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মাজানৰ পৰা জয়ৰামপুৰলৈ যাত্ৰা কৰাৰ পথতে সেনাৰ ৰূপাই স্থিত শিৱিৰৰ জােৱানে বৰডুমচাত যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

P7

ধৃত যুৱককেইজন হৈছে ৰাহুল মৰাণ, কিশোৰ মৰাণ আৰু বিকাশ বৰা। আটাইকেইজনে তিনিচুকীয়া জিলাৰ বাসিন্দা।

ইয়াৰে ৰাহুল মৰাণ আৰু বিকাশ বৰাৰ ঘৰ জিলাখনৰ পেঙেৰী থানাৰ অন্তৰ্গত।

তেওঁলােকৰ জিম্মাৰ পৰা এখন ডায়েৰীৰ লগতে এটা ম’বাইল ফােন জব্দ কৰা হৈছে।

সম্প্ৰতি আটকাধীন যুৱক তিনিজনক বৰডুমচা আৰক্ষী থানাত সেনা-আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *