অসমঅসমীয়া

দুবছৰ পূৰ্বে চুৰি হােৱা বাহন উদ্ধাৰ, দুই দুৰ্ধৰ্ষ গাড়ীচোৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ দুই সদস্য, লগতে উদ্ধাৰ হ’ল দুই বছৰ পূৰ্বে চুৰি হােৱা এখন বিলাসী বাহন।

কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে অভিযান চলাই চুৰি বাহনসহ আটক কৰে গাড়ী চােৰ দুটাক।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত ডিমাপুৰ অভিমুখে গৈ থকা এএছ-০১-বিকে-০০৮৮ নম্বৰৰ নিছান এছইউভি গাড়ী এখনত তালাচী চলায়।

2-5

তালাচীৰ সময়ত মাঞ্জা আৰক্ষীয়ে গাড়ীখন ২০১৯ চনতে সোণাপুৰৰ পৰা চুৰি হােৱা বাহন বুলি নিশ্চিত হয়।

জানিব পৰা মতে, সোণাপুৰ থানাত এই গাড়ীখন চুৰি হােৱা সন্দৰ্ভত ৫৭৭/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈ আছে।

আৰক্ষীয়ে লগে লগে গাড়ীখন জব্দ কৰাৰ লগতে দুৰ্ধৰ্ষ গাড়ীচোৰ দুটাক গ্ৰেপ্তাৰ কৰে ৷

ধৃত গাড়ীচোৰ দুটা মণিপুৰ চূড়াচান্দপুৰ জিলাৰ তুবুং থানাৰ অন্তৰ্গত চিমুনকটৰ ৰবাৰ্ট এনগামিনথাং টৌথাং (৩০) আৰু মণিপুৰৰ টেন্ন’পাল জিলাৰ মৰে থানাৰ অন্তর্গত টি টংলহাং এলেকাৰ পাওমিনলাল মিচাও (২৫)।

লগতে চাওকঃ

গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে

G4

Leave a Reply

Your email address will not be published. Required fields are marked *