অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শ্বিপিং কণ্টেইনাৰ ডিপোত ভয়ংকৰ অগ্নিকাণ্ড! নিহত কমেও ৪০ জন, আহত ৪ শতাধিক

নিউজ ডেস্কঃ নিশা শ্বিপিং কণ্টেইনাৰ ডিপোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত বাংলাদেশৰ চট্টাগঙত নিহত হয় কমেও ৪০ জন লোক।

সীতাকুণ্ড অঞ্চলৰ ডিপোটোত শনিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪৫০ জন লোক আহত হয়। আনহাতে নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

image 62

সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে চৰকাৰী চট্টাগং চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়োজিত এজন আৰক্ষী বিষয়াই কয় যে এতিয়ালৈকে ৪০ জন লোকৰ এই অগ্নিকাণ্ডৰ ফলত মৃত্যু ঘটিছে।

চট্টাগং মেডিকেল কলেজ হাস্পতালৰ আৰক্ষী আউটপোষ্টত নিয়োজিত আৰক্ষী বিষয়া নুৰুল আলমৰ মতে, প্ৰাথমিক তদন্তত ৰাসায়নিক বিক্ৰিয়াৰ ফলত জুই সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

image 61

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সেই জুই বিস্ফোৰণৰ পিছত বিয়পি পৰিছিল।

আৰক্ষী বিষয়াজনে জনোৱা মতে, নিশা প্ৰায় ৯ বজাত অগ্নিকাণ্ড সংঘটিত হৈ মাজনিশালৈকে এই জুই বিয়পি পৰে।

চট্টাগং অগ্নিনিৰ্বাপক বাহিনীৰ সহকাৰী সঞ্চালক মঃ ফাৰুক হোছেইন শিকদাৰে জানিবলৈ দিয়া মতে, ১৯ খন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে।

ঘটনাত আহত সকলক ৬ খন এম্বুলেন্সযোগে বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে এই অগ্নিকাণ্ডৰ ঘটনাত শোক ব্যক্ত কৰাৰ লগতে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *