অসমীয়াঅসম

শুকুৰবাৰে ছুটীত ঘৰলৈ যোৱাৰ কথা আছিল! কিন্তু তাৰ পূৰ্বেই গুৱাহাটীৰ পাহাৰীয়া এলেকাত দুৰ্ঘটনাত মৃত্যু সেনা জোৱানৰ

নিউজ ডেস্কঃ অহা শুকুৰবাৰে ঘৰলৈ যোৱাৰ কথা আছিল ভাৰতীয় সেনা জোৱান নাৰায়ণ চন্দ্ৰৰ। শনিবাৰে বিয়লি পত্নীৰ সৈতে শেষবাৰৰ বাবে কথা পতাৰ সময়তো তেওঁ কৈছিল ঘৰলৈ যোৱাৰ কথা। কিন্তু ছুটীত ঘৰলৈ যোৱাৰ পূৰ্বেই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল নাৰায়ণ চন্দ্ৰই।

উল্লেখ্য যে, পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ অশোক নগৰৰ নিৱাসী নাৰায়ণ চন্দ্ৰ ভাৰতীয় টেৰ’টৰিয়েল আৰ্মীত কৰ্মৰত আছিল। গুৱাহাটীত আছিল তেওঁৰ পোষ্টিং।

photo1654426016

ৰাজ্যৰ বান পৰিস্থিতিৰ সময়ত বানাক্ৰান্তৰ সহায়ৰ বাবে অহৰহ কৰ্মৰত হৈ আছিল সেনা জোৱান নাৰায়ণ চন্দ্ৰ।

দেওবাৰে পুৱা তেওঁ বাইকেৰে কৰ্তব্য পালনৰ বাবে গৈ থকা সময়তে পাহাৰীয়া এলেকাত বাইকসহ পিচলি পৰে। যাৰ ফলত গুৰুতৰভাৱে আহত হয় সেনা জোৱানগৰাকী। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

photo1654426143

ইফালে জোৱান জনৰ এই মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ পত্নী আৰু পৰিয়াল। জানিব পৰা মতে, শনিবাৰে বিয়লি নাৰায়ন চন্দ্ৰই অন্তিমবাৰৰ বাবে পত্নীৰ সৈতে ফোনত কথা পাতিছিল।

শুকুৰবাৰে ছুটীত ঘৰলৈ অহাৰ কথা আছিল জোৱানজনৰ। কিন্তু তাৰ পূৰ্বেই জোৱান জনৰ মৃত্যুৰ বাতৰি লাভ কৰাত অশোক নগৰত শোকৰ বন্যা নামে।

Leave a Reply

Your email address will not be published. Required fields are marked *