অসম

বাংলাদেশীক ভাৰতীয় নাগৰিকৰ অবৈধ প্ৰমাণ পত্ৰ প্ৰদানৰ ভয়ংকৰ কাৰবাৰ, এজনক গ্ৰেপ্তাৰ…

পোহৰলৈ আহিছে বাংলাদেশীক ভাৰতীয় নাগৰিকৰ অবৈধ প্ৰমাণ পত্ৰ প্ৰদানৰ ভয়ংকৰ তথ্য।

মেঘালয়ত গ্ৰেপ্তাৰ হোৱা এজন বাংলাদেশী যুৱকৰ মন্তব্যই জোঁকাৰিছে সমগ্ৰ ৰাজ্য।

বাংলাদেশীক ভাৰতীয় প্ৰমাণপত্ৰ যোগান ধৰা হৈছে নগাঁৱৰ ৰূপহীহাটত।

বাংলাদেশীক ভাৰতীয় প্ৰমাণপত্ৰ যোগান দিয়াৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক।

গ্ৰেপ্তাৰ হোৱা যুৱকজন ইবাদুল ইছলাম বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ এগৰাকী বাংলাদেশী যুৱকক আটক কৰিছিল মেঘালয় আৰক্ষীয়ে।

ধৃত বাংলাদেশী যুৱক জনৰ হাতত উদ্ধাৰ হৈছিল চামগুৰিৰ কাৱৈমাৰীৰ স্থায়ী বাসিন্দাৰ নকল প্ৰমাণপত্ৰ।

প্ৰশ্ন হয়, নগাঁৱৰ ৰূপহীহাটত চলিছে নেকি বাংলাদেশীক ভাৰতীয় নাগৰিক হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ অবৈধ বেহা?

Leave a Reply

Your email address will not be published. Required fields are marked *