শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিলে এটি শিশুৱে…

এক মৰ্মান্তিক ঘটনা।

শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতিলে এটি শিশুৱে।

জানিব পৰা মতে, ১৫ আগষ্টত নাটক প্ৰদৰ্শন কৰাৰ বাবে এটা বাসগৃহত কেইটিমান শিশুৱে আখৰা কৰি আছিল শ্বহীদ-এ-আজম নাটকখন। কোনোৱে শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, কোনোৱে ৰাজগুৰু আৰু কোনোৱে সুখদেৱৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

এনেতে ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ১০ বছৰীয়া এটি শিশুৱে ডিঙিত ৰচী বান্ধি থিয় হৈছিল এখন ষ্টুলৰ ওপৰত।

কিন্তু দুৰ্ভাগ্যৱশতঃ হঠাতে শিশুটিৰ ভৰি পিছলি ষ্টুলখনৰ পৰা আঁতৰি আহে ৰচীডালৰ গাঁঠি টান হৈ যায়।

ফলত শিৱম নামৰ শিশুটিয়ে কৰুণ মৃত্যুক সাৱতিবলগীয়া হয।

শিৱমক সেই অৱস্থাত দেখি শিশুকেইটা আতংকিত হৈ পৰে আৰু সেই স্থানৰ পৰা পলায়ন কৰে।

কিছু সময়ৰ পাছত শিৱমৰ মাতৃ ঘৰলৈ উভতি আহে আৰু শিৱমক চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। আৰু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বদায়ুঁৰ কুঁৱৰগাঁও আৰক্ষী থানাৰ অধীনৰ বাৱাত গাঁৱত।

পিতৃ-মাতৃয়ে পথাৰত কাম কৰিবলৈ যোৱাৰ সময়ত শিৱমে সমনীয়াৰ সৈতে অখৰা কৰি আছিল নাটকখনৰ। 

Leave a Comment