অসম আৰক্ষীক বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰা মিজো সাংসদ ভানলালভেনালৈ অসম আৰক্ষীৰ চমন…

অসম-মিজোৰামৰ সীমান্ত সমস্যাক লৈ ২৬ জুলাইত সংঘটিত হোৱা ঘটনাক লৈ কঠোৰ হৈছে অসম আৰক্ষী।

মিজো দুৰ্বৃত্তৰ সহযোগত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ৬জনকৈ জোৱানক গুলীয়াই হত্যা কৰাৰ পাছত সংসদ ভৱনৰ পৰা অসম আৰক্ষীৰ বিৰুদ্ধে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবে জোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনালৈ চমন প্ৰেৰণ কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীয়ে সাংসদ ভানলালভেনালৈ চমন প্ৰেৰণ কৰি সাংসদগৰাকীৰ জবানবন্দী গ্ৰহণৰ বাবে কাছাৰৰ ধলাই থানালৈ মাতি পঠিয়াইছে।

১ আগষ্টৰ দিনৰ ১১ বজাত ধলাই থানাত হাজিৰৰ নিৰ্দেশ দিয়া হৈছে সাংসদগৰাকীক।

সাংসদগৰাকীয়ে কৈছিল- ‘আমি তাত তেওঁলোকক গুলীয়াইছিলো। তেওঁলোকে পুনৰ আমাৰ সীমালৈ আহিলে আকৌ গুলীয়াম। ভাগ্য ভাল যে এইবাৰ আমি আটাইকে মাৰি নেপেলালো। তেওঁলোক যদি পুনৰ আহে এইবাৰ আমি সকলোকে হ্ত্যা কৰিম।’

ইতিমধ্যে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাক বিচাৰি দিল্লী চলাথ কৰিছে অসম আৰক্ষীয়ে।

অসম আৰক্ষীৰ বিৰুদ্ধে কৰা প্ৰৰোচনামূলক মন্তব্যৰ বাবেই সাংসদজনক বিচাৰি আছে অসম আৰক্ষীৰ CIDৰ দলে।

অসম আৰক্ষীৰ চি আই ডিৰ দলটোৱে বিতৰ্কিত মন্তব্য কৰা সাংসদ ভানলালভেনাক বিচাৰি নাপাই দিল্লীস্থ মিজোৰাম হাউচতে চমনখন আঁৰি থৈ আহে।

FYIj9lC9?format=jpg&name=small

Leave a Comment