ৰাষ্ট্ৰীয়

শোকাৱহ! লাডাখত প্ৰায় ৬০ ফুট দ’ নদীত পৰিল সেনা ভৰ্তি বাছ, ৭জন সৈনিকৰ মৃত্যু…

লাডাখত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

লাডাখত প্ৰায় ৬০ ফুট দ’ নদীত পৰিল সেনা ভৰ্তি বাছ।

শ্বায়োক নদীত বাহন বাগৰি পৰাৰ ফলত এই পৰ্যন্ত ৭ জন সৈনিকৰ মৃত্যু হৈছে।

image 144

শুক্ৰবাৰে লাডাখৰ তুৰটুক চেক্টৰৰ নুব্ৰাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, পুৱা ৯ বজাত ২৬ জনীয়া সৈনিকৰ এটা দলে পাৰ্টাপুৰৰ ট্ৰেঞ্জিট কেম্পৰ পৰা উপ খণ্ড হানিফলৈ যাত্ৰা কৰিছিল।

থোইজৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত বাহনখন ৰাস্তাৰ পৰা পিছলি গৈ প্ৰায় ৫০-৬০ ফুট গভীৰতালৈ‌ শ্বায়োক নদীত পৰি যায়, যাৰ ফলত সকলো আৰোহী আঘাতপ্ৰাপ্ত হয়।

image 145

উদ্ধাৰ অভিযান দ্ৰুতগতিত সম্পন্ন কৰা হয় আৰু সকলো সৈনিকক পাৰ্টাপুৰৰ এখন ক্ষেত্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তাৰে সাতজনক সেনাক মৃত বুলি ঘোষণা কৰা হৈছে। আন গুৰুতৰ আঘাত প্ৰাপ্ত সকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।লগতে আহত লোকসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।

image 146

মোডীয়ে কয় যে,‘লাডাখৰ পথ দুৰ্ঘটনাই মোক মৰ্মাহত কৰিছে।যত আমি আমাৰ সাহাসী সৈণিক সকলক হেৰুৱাই পেলালো।শোকসন্তপ্ত পৰিয়াললৈ মোৰ শুভকামনা। মই আশা কৰো আহত লোক সকল সোনকালে সুস্থ হৈ উঠক। প্ৰভাৱিত সকলক সকলোধৰণৰ সহায় কৰা হ’ব।’

Leave a Reply

Your email address will not be published. Required fields are marked *