অসমীয়াৰাষ্ট্ৰীয়

ক্ৰুজ ড্ৰাগছ পাৰ্টীঃ শ্বাহৰুখপুত্ৰ আৰিয়ানক ক্লীন চীট NCBৰ

নিউজ ডেস্কঃ মুম্বাইৰ ড্ৰাগছ পাৰ্টী গোচৰত দোষমুক্ত কৰা হ’ল অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক। শুকুৰবাৰে নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে আৰিয়ানৰ লগতে এই গোচৰৰ পৰা আন ৫ জনক দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, ২ অক্টোবৰ, ২০২১ত মুম্বাইৰ কাৰ্ডেলিয়া ইয়টছত ড্ৰাগছ পাৰ্টীৰ অভিযোগত এনচিবিয়ে শ্বাহৰুখপুত্ৰ আৰিয়ান খানসহ মুঠ ১৪ জনক গ্ৰেপ্তাৰ কৰি গোচৰ চলাইছিল।

অৱশ্যে পৰৱৰ্তী সময়ত আৰিয়ানে জামিনত মুক্তিলাভ কৰিবলৈ সক্ষম হৈছিল।

image 142

ইয়াৰ পূৰ্বে এনচিবিৰ এটা বিশেষ তদন্তকাৰী দলে (এছআইটি) আৰিয়ান খান ড্ৰাগছ ষড়যন্ত্ৰ বা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহ ছিণ্ডিকেটৰ অংশ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই বুলি স্পষ্ট কৰিছিল।

আনহাতে যি অভিযানৰ জৰিয়তে আৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছিল, তাতো বহু অনিয়ম সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিছিল এনচিবিৰ তদন্তকাৰী দলটোৱে।

image 143

সঞ্জয় কুমাৰ সিঙৰ নেতৃত্বত গঠিত এছআইটিয়ে এই গোচৰটো পুনৰ নিৰীক্ষণ কৰি এই সিদ্ধান্তত উপনীত হয় যে তদন্ত আগুৱাই নিবলৈ কোনো পৰ্যাপ্ত প্ৰমাণ নাই। যাৰ বাবে আৰিয়ানক গোচৰত ক্লীন চীট প্ৰদান কৰা হয়।

এই গোচৰত আৰিয়ান খানৰ হৈ ওকালতি কৰা অধিবক্তা সতীশ মানেশিন্দেয়ে কয় যে হাতত ড্ৰাগছ নোপোৱা স্বত্বেও আৰিয়ানক গ্ৰেপ্তাৰ আৰু ২৬ দিনৰ জিম্মাত ৰখাটো অযুক্তিকৰ আছিল।

অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়া মতে, আৰিয়ানৰ বিৰুদ্ধে কোনো পৰ্যাপ্ত প্ৰমাণ লাভ নকৰাৰ বাবে এছআইটিয়ে তেওঁৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল নকৰাৰ সিদ্ধান্ত লৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *