অসম

অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন দিন ঘোষণা…

বানপানীৰ বাবে স্থগিত ৰখা অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন দিন ঘোষণা।

অহা ৬, ৭ আৰু ৮ জুনত অনুষ্ঠিত হ’ব প্ৰথম বৰ্ষৰ পৰীক্ষা।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষাৰ দিন ঘোষণা কৰে।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা যোৱা ১৮, ২০ আৰু ২১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে পৰীক্ষা স্থগিত ৰাখিছিল।

বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমানে উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ নতুনকৈ দিন ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *