শোকাবহ! ৫০ ফুট দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ৫, আহত ১৭ জন

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ খাণ্ডৱা পথত বৃহস্পতিবাৰে সংঘটিত এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৫ জনকৈ লোকে। দুৰ্ঘটনাটোত আহত হয় ১৭ জন লোক। ঘটনাক লৈ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে, ইন্দোৰৰ চিমৰোল আৰক্ষী থানাৰ অন্তৰ্গত খাণ্ডৱা পথত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট গভীৰ খাৱৈত বাগৰি পৰে।

G5 11
শোকাবহ! ৫০ ফুট দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, নিহত ৫, আহত ১৭ জন 2

৫০ জন যাত্ৰী কঢ়িয়াই অনা বাছখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৫ জন যাত্ৰীৰ মৃত্যু ঘটে। ইফালে আহত হয় আন ১৭ জন যাত্ৰী।

দুৰ্ঘটনাত পতিত বাছখন ইন্দোৰৰ পৰা খাণ্ডৱালৈ গৈ থকাৰ সময়তে ভৈৰৱ ঘাটত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি নিকতৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ঘনাটোত গভীৰ শোক ব্যক্ত কৰি নিহত সকলক ৪লাখ টকাকৈ আৰু আহত সকল ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

সমান্তৰালভাৱে আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।