ভয়ংকৰ দুৰ্ঘটনা! ৰাজপথত আশ্ৰয় লৈ থকা বন্যাৰ্তক মহতিয়ালে তীব্ৰ বেগী বাহনে, নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰাজপথত আশ্ৰয় লৈ থকা বন্যাৰ্তক মহতিয়াই নিলে তীব্ৰ বেগী বাহনে।

দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ৭জনকৈ লোক।

জাগীৰোডৰ ধৰমতুলত নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

বন্যাৰ্তই আশ্রয় লৈ থকা ৰাষ্ট্ৰীয় পথত উদণ্ড টাটা মোবাইলৰ খুন্দাতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

নিহত ২৫ বছৰীয়া বুবু দাস।

আনহাতে আহত আটাইকেইজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা টাটা মোবাইল বাহনখনৰ নম্বৰ AS01NC 1204

আহত লোকসকল হৈছে- ৰামপাল দাস, ৰীতা দাস, শিৱ দাস, সংগীত দাস, সঞ্জীৱ দাস, সঞ্জয় দাস, সুনিত দাস।