শোকাবহ! হাস্পতালত চিকিৎসা সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথতে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ এম্বুলেন্সৰ, ৰোগীৰ মৃত্যু…

নিউজ ডেস্কঃ হাস্পতালত চিকিৎসা কৰি ঘৰলৈ ওভতাৰ পথতে এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিল এজন ৰোগীৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ওড়িশাক বালাচোৰত।

জানিব পৰা মতে, কিডনী ৰোগত আক্ৰান্ত পশ্চিমবংগৰ মেদিনীপুৰ জিলাৰ নিৱাসী ইদ্ৰিছ খান (৫৫) নামৰ ৰোগীজনে ভুৱনেশ্বৰ এইমছত চিকিৎসা কৰি মঙলবাৰে পুৱা ঘৰলৈ উভতিছিল।

কিন্তু জলেশ্বৰপুৰ থানা এলেকাৰ ৬০ ৰাষ্ট্ৰীয় ঘাইপথত এম্বুলেন্সখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে।

এই দুৰ্ঘটনাত ৰোগীজনৰ পৰিয়াল আৰু চালকসহ এম্বুলেন্সখনত থকা ৭জন লোক গুৰুতৰভাৱে আহত হয়।

পিছত আৰক্ষী আৰু স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰা হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ৰোগী ইদ্ৰিছ খানক মৃত ঘোষণা কৰে।

আনহাতে দুৰ্ঘটনাত আহত এম্বুলেন্সখনৰ চালকসহ ৬ জন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।