অসমীয়াৰাষ্ট্ৰীয়

পথ দুৰ্ঘটনাত পতিত প্ৰধানমন্ত্ৰী মোডীৰ ভাতৃ আৰু পৰিয়াল! হাস্পতালত ভৰ্তি…

নিউজ ডেস্কঃ দুৰ্ঘটনাত পতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাতৃ আৰু তেওঁৰ পৰিয়াল।

কৰ্ণাটকৰ মহীশূৰত দুৰ্ঘটনাত পতিত হয় প্ৰধানমন্ত্ৰীৰ ভাতৃ প্ৰহ্লাদ মোডীয়ে পৰিয়ালসহ যাত্ৰা কৰা বাহনখন।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

image 159

প্ৰহ্লাদ মোডীৰ ভাতৃৰ পৰিয়ালটোৱে বান্দীপুৰলৈ গৈ থকাৰ সময়ত কদাকোলাৰ সমীপত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে।

দুৰ্ঘটনাত সামান্য পৰিমাণে আহত প্ৰহ্লাদ মোডী, তেওঁৰ পুত্ৰ মেহুল, বোৱাৰী আৰু নাতিনী।

আহত আটাইকেইজনক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে জেএছএছ হাস্পতালত।