হঠাৎ বাঢ়িছে জাৰ! কুঁৱলীৰ আচ্ছাদনত এতিয়া প্ৰকৃতিৰ অনন্য ৰূপ, কাৰোবাৰ বাবে বিষাদ…

নিউজ ডেস্কঃ হঠাৎ যেন জাৰ বাঢ়িছে অসমত।

কুঁৱলীৰ ধৱল আচ্ছাদনে মেৰিয়াই লৈছে প্ৰকৃতিক।

হঠাৎ নামি অহা শীতৰ প্ৰকোপে যেন জীপাল কৰি তুলিছে বছৰটোত শেষ সময়খিনি।

image 160
হঠাৎ বাঢ়িছে জাৰ! কুঁৱলীৰ আচ্ছাদনত এতিয়া প্ৰকৃতিৰ অনন্য ৰূপ, কাৰোবাৰ বাবে বিষাদ... 5

ইফালে শীতৰ এই উকমুকনিৰ মাজতে মঙলবাৰে পুৱা কাশ্মীৰলৈ পৰিণত হ’ল মৰাণৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্ত।

প্ৰকৃতিৰ কাহানিও নেদখা ৰূপ ধাৰণ কৰি মৰাণত বাটে-ঘাটে যেন চাদৰ তৰিলে শুভ্ৰ বৰফে।

image 161
হঠাৎ বাঢ়িছে জাৰ! কুঁৱলীৰ আচ্ছাদনত এতিয়া প্ৰকৃতিৰ অনন্য ৰূপ, কাৰোবাৰ বাবে বিষাদ... 6

অৱশ্যে মঙলবাৰে পুৱাই অহা শিলাবৃষ্টিয়ে চহৰীয়া জীৱনক এক নতুন অভিজ্ঞতা প্ৰদান কৰিলেও সিয়েই যেন বিৰহ হৈ পৰিল সাধাৰণ খেতিয়ক, চালি ঘৰৰ বাসিন্দা সকলৰ বাবে।

আকাশৰ পৰা নামি অহা শিলৰ বৰষুণে মষিমূৰ কৰি পেলালে হেঁপাহেৰে গঢ়ি তোলা খেতিডৰা।

image 162
হঠাৎ বাঢ়িছে জাৰ! কুঁৱলীৰ আচ্ছাদনত এতিয়া প্ৰকৃতিৰ অনন্য ৰূপ, কাৰোবাৰ বাবে বিষাদ... 7

আনহাতে শিলাবৃষ্টিৰ নিৰ্মম আক্ৰমণৰ বলি হৈ মূৰৰ ওপৰৰ চালিখন হেৰুৱাই পেলালে বহু পৰিয়ালে।

কিন্তু এনে তাণ্ডৱ লীলাৰ মাজতো কোনেও কাহানিও কল্পনা নকৰা এটা দিন উপভোগ কৰি উৎফুল্লিত হৈ পৰা দেখা গ’ল অধিকাংশ মৰাণবাসীক।

image 163
হঠাৎ বাঢ়িছে জাৰ! কুঁৱলীৰ আচ্ছাদনত এতিয়া প্ৰকৃতিৰ অনন্য ৰূপ, কাৰোবাৰ বাবে বিষাদ... 8

ইফালে শীতৰ বাঢ়ি অহা প্ৰকোপে নৱবৰ্ষৰ প্ৰাকক্ষণ যেন চন্দময় কৰি তুলিলে।

তদুপৰি বতৰৰ এই পৰিৱৰ্তনে স্বাভাৱিকতে অসমীয়াক সোঁৱৰাই দিছে- মাঘলৈ আৰু বেছি দিন নাই।