ছাগলী চুৰি কৰি পলাবলৈ লওতেই দুৰ্ঘটনাত পতিত চোৰৰ বিলাসী বাহন, নিহত এজন, আহত ৩ জন

নিউজ ডেস্কঃ ছাগলী চুৰি কৰি পলায়ন কৰিবলৈ লওতেই দুৰ্ঘটনাত পতিত হ’ল চোৰৰ বিলাসী বাহন। এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন তিনিজন।

এই ঘটনা সংঘটিত হয় ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত আমলাইগুৰিত।

জানিব পৰা মতে, এটা ছাগলী চোৰৰ দলে হৰিশিঙাৰ ঘোৰাদাসৰ এঘৰৰ পৰা ছাগলী চুৰি কৰি এএছ ০১জে ৯৬২৮ নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ’ বাহনখনেৰে পলায়ন কৰিবলৈ লওতেই ৰাইজে দেখি পহুখেদা দিয়ে ছাগলী চোৰৰ দলটোক।

photo1662887316
ছাগলী চুৰি কৰি পলাবলৈ লওতেই দুৰ্ঘটনাত পতিত চোৰৰ বিলাসী বাহন, নিহত এজন, আহত ৩ জন 2

যাাৰ ফলত ছাগলী চুৰি কৰি নিয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আমলাইগুৰিৰ এখন দোকানৰ পকী খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰি সমীপৰ চাহ বাগিচাত বাগৰি পৰে।

এই দুৰ্ঘটনাত এটা চোৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন তিনিটা চোৰ গুৰুতৰভাৱে আহত হয়।

পিছত স্থানীয় ৰাইজে আহত চোৰ কেইটাক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, ছাগলী চুৰি কৰিবলৈ আহি দুৰ্ঘটনাত পতিত হোৱা আটাইকেটা চোৰৰ ঘৰ হাতীগড় চাহবাগিছাত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃত চোৰটোৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।