নিউজ ডেস্কঃ মানুহে মাৰিবলৈ ওলোৱা এডাল সাপক উদ্ধাৰ কৰিবলৈ হৈ নিজেই সৰ্প দংশনৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী সাধুৱে। এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাওত।
জানিব পৰা মতে, উন্নাওৰ ঔৰাছ থানা এলেকাৰ মেইন ভাৱ খেলা ছেক্সনত সংঘটিত হয় এই ঘটনা। লক্ষ্ণৌ কাকোৰিৰ বনিয়া খেদাৰ নিৱাসী বজৰংগী নামৰ ৫৫ বছৰীয়া সাধুজনে এডাল সাপক মানুহৰ আক্ৰমণৰ পৰা উদ্ধাৰ কৰাৰ পিছতে সেই সাপডালৰ দংশনতে তেওঁৰ মৃত্যু ঘটে।
ঘটনাৰ বিৱৰণী অনুসৰি, বজৰংগী নামৰ সন্যাসীজনে গাঁৱে গাঁৱে ক্ৰীম-পাউদাৰ আদি সামগ্ৰী ফেৰী কৰি আহিছিল। শুকুৰবাৰে বিয়লি তেওঁ ফেৰী কৰি ঘৰলৈ ওভতাৰ সময়তে এঠাইত প্ৰত্যক্ষ কৰে যে বহু সংখ্যক লোকে ভিৰ কৰিছে। ভিৰৰ কাষ চাপি গৈ তেওঁ বুজ লোৱাত জানিব পাৰে যে এখন চাইকেল পাংচাৰৰ দোকানৰ ভিতৰত ওলোৱা এডাল সাপ মাৰিবলৈ উদ্যত হৈছে একাংশ লোক।

লগে লগে গেৰুৱা বসনধাৰী বজৰংগীয়ে মানুহখিনিৰ কাষ চাপি গৈ বুজাবলৈ যত্ন কৰে যে সাপ হত্যা কৰাটো অপৰাধ। তাৰ পিছত তেওঁ সাপডাল দোকানৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি এটা বাকচৰ ভিতৰত ভৰাই বাহিৰলৈ লৈ আনে।
কিন্তু বাহিৰলৈ আহি সাধুজনে সাপডালৰ সৈতে খেল খেলিবলৈ আৰম্ভ কৰে। তেওঁ সাপডালৰ মুখত ধৰি ৰং চোৱাৰ সময়তে অসাৱধানবশতঃ সাপডালে তেওঁক দংশন কৰে।
ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ লক্ষ্ণৌ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয় যদিও শনিবাৰে তেওঁৰ মৃত্যু ঘটে। ইফালে সৰ্পৰ দংশনত বজৰংগীৰ মৃত্যুৰ পিছতে শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত। তেওঁৰ পৰিয়ালেও এতিয়া শোকত ভাগি পৰিছে।









