অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে এজাহাৰ দাখিল…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল।

বন আইন ১৯৭২ ভংগ কৰাৰ অপৰাধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল।

বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে গোলাঘাটৰ সমাজকৰ্মী সোণেশ্বৰ নৰহ আৰু প্ৰৱীণ পেগুয়ে।

image 197

উল্লেখ্য যে, শনিবাৰে নিশা কাজিৰঙা ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত নিশা জীপ ছাফাৰী কৰি বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল বহুতেই।

মুখ্যমন্ত্ৰীক কাষত বহুৱাই নিশা ভাগত তাকো বন্যপ্ৰাণী আচৰণ বিধিৰ ওপৰত কোনো অভিজ্ঞতা নথকা সদগুৰুক জিপছি চলাবলৈ সুবিধা দি বনবিভাগে নিজৰেই নিয়ম ভৰিৰে মুহাৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

image 196

এজাহাৰত উল্লেখ কৰা হৈছে যে, ‘অতি পৰিতাপৰ কথা যে কাজিৰঙাৰ দাঁতিকাষৰীয়া সচেতন নাগৰিক হিচাপে আপোনাক দৃষ্টি গোচৰ কৰিবলৈ আমি বাধ্য হৈছোঁ যে, কাজিৰঙাৰ বাবে থকা ‘বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২’ উলংঘা কৰি স্বয়ং বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক জয়ন্ত মল্ল বৰুৱা, জগদীশ জগ্গী বাসুদেৱ (সদগুৰু)ক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰি আইন সুৰক্ষা কৰাৰ মৌলিক কৰ্তব্য পালন কৰিবলৈ দাবী জনাইছো। অথবা মুখ্যমন্ত্ৰী তথা সজাতি দলটোক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আইনীয় ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছো। অন্যথা কাজিৰঙাৰ পৰম্পৰাগত সুৰক্ষা নীতি বেআইনি ভাৱে শিথিল কৰা এই প্ৰৱণতাই ভৱিষ্যত দিনত কাজিৰঙাৰ বাবেই ভাবুকি হৈ ৰ’ব।’