অসমীয়াআন্তঃৰাষ্ট্ৰীয়

বিমান বন্দৰত অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা পিচলি হ্ৰদত আধা ডুব গ’ল এখন বিমান, চাওক ফটো…

নিউজ ডেস্কঃ বিমান বন্দৰত অৱতৰণৰ সময়তে ৰাণৱেৰ পৰা পিচলি কাষৰ হ্ৰদত পৰিল এখন বিমান। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ কেইখনমান আলোকচিত্ৰ।

ভাইৰেল আলোকচিত্ৰ কেইখন ফ্ৰান্সৰ এটা বিমান বন্দৰৰ বুলি জানিব পৰা গৈছে। শনিবাৰে বিমান বন্দৰটোত এখন মালবাহী বিমান অৱতৰণৰ সময়তে সংঘটিত হয়এই ঘটনা।

image 198

উল্লিখিত তথ্য অনুসৰি, ফ্ৰান্সৰ মণ্টপেলিয়াৰ চহৰৰ পৰা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত এখন বিমান ৰাণৱেৰ পৰা ওলাই আহি এটা হ্ৰদত আধাখিনি ডুব যায়।

image 199

অৱশ্যে সৌভাগ্যক্ৰমে বিমানখনৰ পাইলটৰ জীৱন ৰক্ষা পৰে। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই দুৰ্ঘটনাৰ ছবিখনত ৰাণৱে আৰু হ্ৰদৰ মাজত দেখা গৈছে বিমানখন।

image 200

জানিব পৰা মতে, শনিবাৰে পুৱা পেৰিছ চাৰ্লছ ডি গ’ল বিমানবন্দৰৰ পৰা মণ্টপেলিয়াৰলৈ ৰাওনা হৈছিল বয়িং ৭৩৭ বিমানখন।

তাৰ পিছতে মণ্টপেলিয়াৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বিমানখনে ৰাণৱে অতিক্ৰম কৰি ওচৰৰ এটা হ্ৰদত ডুব যায়।