শোকাবহ! বহিঃৰাষ্ট্ৰত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু দুই শিশুসহ ৩ ভাৰতীয়ৰ…

নিউজ ডেস্কঃ ছৌদি আৰৱত ধৰ্মীয় স্থান দৰ্শন কৰিবলৈ গৈ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে দুই শিশুসহ ৩ ভাৰতীয়ই।

ছৌদি আৰৱৰ উমৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত সকলক কেৰালাৰ পলাক্কাডৰ নিৱাসী ছাবিৰা আৰু দুই নাতি আবিয়ান (৭) আৰু আহিয়ান (৪) বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই দুৰ্ঘটনাত ছাবিৰাৰ স্বামী, জোঁৱায়েক ফৈজল আৰু কন্যা ছুমাইয়া গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, বিগত ৪ বছৰ ধৰি পৰিয়ালসহিতে কাটাৰত বাস কৰি আহিছিল ফৈজলে।

বৃহস্পতিবাৰে তেওঁ পত্নী, দুই সন্তান আৰু শাহু-শহুৰৰ সৈতে ছৌদি আৰৱৰ উমৰাৰ মক্কা দৰ্শন কৰিবলৈ গৈছিল।

সেই সময়তে পথ দুৰ্ঘটনাত পতিত হৈ পৰিয়ালটোৰ ৩ সদস্যৰ মৃত্যু ঘটে।