অসমীয়াঅসম

সংঘৰ পৰা বহিস্কৃত হ’ল নেকি কৰিশ্মা? দৰঙীয়া ছোৱালীজনীয়ে ক’লে- মই ভৰিত ধৰি ক্ষমা খুজিম, কিন্তু…

নিউজ ডেস্কঃ কৰিশ্মা নাথ। সামাজিক মাধ্যমৰ এটা চৰ্চিত নামক লৈ আকৌ আৰম্ভ হৈছে চৰ্চাৰ!

লোককৃষ্টি নাগাৰা নামত ‘পেঁ পেঁ পেঁ পেঁ’ সংযোজন কৰি তুমুল বিতৰ্কৰ সূচনা কৰাৰ লগতে জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সক্ষম হোৱা এইগৰাকী দৰঙীয়া পাঠিকাক লৈ বিগত কিছুদিন ধৰি অব্যাহত আছে চৰ্চা।

কিছুদিন পূৰ্বে নাগাৰা নামক বিকৃত কৰাৰ অভিযোগত কৰিশ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সদৌ অসম নাগাৰা নাম সংঘ।

image 58

কেইবাখনো সংবাদমেল সম্বোধন কৰি কৰিশ্মাক ক্ষমা খোজাৰ দাবী জনাইছিল সংঘৰ বিষয় ববীয়াই।

কিন্তু কৰিশ্মা নাথে ক্ষমা খোজা নাছিল। বৰঞ্চ সংঘকে উভতি ধৰিছিল কম বয়সীয়া ছোৱালীজনীয়ে।

সংবাদ মাধ্যমতো বেছ গুৰুত্ব লাভ কৰা কৰিশ্মা এতিয়া ভীষণ ব্যস্ত।

image 59

বাতৰি অনুসৰি, চ’ত মাহত এদিনো আহৰি নোহোৱাকৈ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ নাগাৰা নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে কৰিশ্মাই।

কিন্তু কৰিশ্মাৰ এনে অভূতপূৰ্ব জনপ্ৰিয়তাৰ মাজতে পুনৰ এবাৰ পাঠিকাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ উঠিল নাগাৰা নাম সংঘ।

image 60

প্ৰথমে খবৰ ওলাল- নাগাৰা নাম সংঘই বহিস্কাৰ কৰিছে কৰিশ্মাক। অন্য নাগাৰা নামৰ শিল্পীকো কৰিশ্মাৰ সৈতে একেলগে অনুষ্ঠান পৰিৱেশন কৰবিলৈ বাৰণ কৰিছে।

কিন্তু পিছত সংঘৰ সম্পাদক নিপন দত্তই স্পষ্ট কৰি দিয়া মতে, সংঘৰ পৰা বহিস্কাৰ কৰা হোৱা নাই কৰিশ্মা নাথক।

বৰং কৰিশ্মাৰ পৰা আঁতৰিহে গৈছে নাগাৰা নাম সংঘ। যদি ৰাইজে কৰিশ্মাক নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনায়, তেন্তে সংঘৰ কোনো আপত্তি নাই বুলিও স্পষ্ট কৰি দিলে নিপন দত্তই।

image 61

অৱশ্যে সংঘৰ ওচৰত কৰিশ্মাই ক্ষমা খোজাৰ দাবীত এতিয়াও অটল হৈয়ে আছে সংঘৰ বিষয় ববীয়া।

এই সকলোবোৰৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৰিশ্মা নাথে কয়, ‘নাগাৰা নাম সংঘৰ সংবিধানখন সকলোৰে বাবে সমান হোৱা উচিত।’

কৰিশ্মাই ক’লে- ‘লাগিলে মই ভৰিত ধৰি ক্ষমা খুজিম। কিন্তু সংঘৰ সংবিধানখন কেৱল মোৰ বাবেই কিয়? পূৰ্বে যি সকলে ভুল কৰিছিল তেওঁলোকে কিয় ক্ষমা নুখুজিব?’

image 62

এই প্ৰশ্ন সংঘৰ ওচৰত পূৰ্বেও উত্থাপন কৰিছিল কৰিশ্মাই।

বিয়া নামৰ সুৰ নাগাৰা নামত সংযোজন কৰি বিকৃত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত কৰিশ্মাই উভতি ধৰি কৈছিল- ‘পূৰ্বেও আধুনিক গীতৰ সুৰ নাগাৰা নামত সংযোজন হোৱা নাছিল নেকি?’

কৰিশ্মা নাথ আৰু নাগাৰা নাম সংঘৰ মাজৰ এই শীতল সংঘাতে এই সময়ত লাভাৱাম্বিত কৰিছে সংবাদ মাধ্যম সমূহক।

image 63

কৰিশ্মাৰ বাঢ়ি অহা জনপ্ৰিয়তাৰ আঁৰত ‘পৰজীৱী’ৰ দৰে ভিউজ আৰু টিআৰপি বুটলিবলৈ নামি পৰিছে সংবাদ মাধ্যম।

কিন্তু সামাজিক মাধ্যমতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে সমানেই। দুটা ভাগত বিভক্ত হোৱা সমাজিক মাধ্যমত একাংশই যদি ঠিয় দিছে কৰিশ্মাৰ কাষত, আন একাংশ আকৌ বিপৰীত দিশত।

কিন্তু হঠাৎ কেনেকৈ জনপ্ৰিয় হৈ পৰিল কৰিশ্মা নাথ? এই প্ৰশ্নইও ক্ৰিয়া কৰিছে বহুতৰ মনত।

image 64

অনেকে কৈছে- কৰিশ্মাতকৈ ভাল কণ্ঠৰ আৰু ভাল নাগাৰা নাম পৰিৱেশন কৰা যুৱতী-কিশোৰী অসমত অনেক আছে। কিন্তু কৰিশ্মাৰ কণ্ঠতকৈও বেছি তেওঁৰ ৰূপ-লাৱণ্যইহে মানুহৰ মন মুহিছে।

আন একাংশই কৈছে- ইউটিউব, ইনষ্টাগ্ৰামৰ অৰ্ধউলংগ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ যুগত অসমীয়াৰ সাজ-পাৰ পিন্ধি মানুহক মনোৰঞ্জন দিছে কৰিশ্মাই। সেইবাবেই তেওঁ ইমান জনপ্ৰিয় হৈছে।

কিন্তু এতিয়া এই প্ৰশ্নৰ উত্তৰ দিয়াৰ দায়িত্ব আপোনাৰ। কৰিশ্মা নাথৰ জনপ্ৰিয়তাৰ কাৰণ আপুনি কি বুলি ভাৱে?