অসমীয়াঅসম

এইখন অসমৰ সম্প্ৰীতিৰ নিদৰ্শন! শিক্ষকতাৰ পৰা অৱসৰৰ পিছত লাভ কৰা ডেৰ লাখ টকা দুৰ্গা মন্দিৰক দান শ্বাহীদত আলীৰ…

নিউজ ডেস্কঃ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি এগৰাকী মুছলমান অৱসৰী শিক্ষকে গ্ৰহণ কৰা পদক্ষেপে আজি চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত।

নগৰবেৰাৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে দাঙি ধৰা মহানতাই হৃদয় জিনিছে অনেকৰ।

vlcsnap 2023 03 20 12h08m00s986

দৰাচলতে শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত লাভ কৰা ডেৰ লাখ টকা দুৰ্গা মন্দিৰ নিৰ্মাণৰ বাবে দান দিয়ে ইছলাম ধৰ্মাৱলম্বী শিক্ষকগৰাকীয়ে।

এনে মহৎ আদৰ্শ দাঙি ধৰা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী হৈছে শ্বাহীদত আলী।

vlcsnap 2023 03 20 12h07m52s503

উল্লেখ্য যে, ২০১৬ চনত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত লাভ কৰা ডেৰ লাখ টকা শিমলীতোলা মন্দিৰ নিৰ্মাণ সমিতিক দান দিয়ে শ্বাহীদত আলীয়ে।

অৱসৰী শিক্ষকগৰাকীৰ এনে মহানুভৱতাৰ শলাগ লৈছে নগৰবেৰা বাসীয়ে।