শোকাবহ! বতাহত বাগৰি পৰা ত্ৰিৰংগা ঠিক কৰিবলৈ গৈয়েই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল ৩ ভাতৃ-ভগ্নীৰ

নিউজ ডেস্কঃ বতাহত বাগৰি পৰা ত্ৰিংৰগা ঠিক কৰিবলৈ গৈয়েই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে তিনি ভাত-ভগ্নীয়ে। স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা এই শোকাবহ ঘটনা সংঘটিত হয় ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত।

জানিব পৰা মতে, ৰাঁচীৰ কাংকে আৰক্ষী থানা এলেকাৰ আৰ্ছাণ্ডেত দেওবাৰে সন্ধিয়া বতাহত বাগৰি পৰা ৰাষ্ট্ৰীয় পতাকাখন ঠিক কৰিবলৈ চাঁদৰ ওপৰলৈ গৈছিল বিনীত কুমাৰ ঝা নামৰ যুৱকজনে। চাঁদৰ ওপৰত যুৱকজনে ত্ৰিৰংগাখন ঠিক কৰি থকাৰ সময়তে হঠাৎ ত্ৰিৰংগাৰ লোহাৰ পাইপ ডাল ওপৰৰ বিদ্যুৎ পৰিবাহী তাঁৰত লগাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে বিনীতৰ।

ইফালে এই ঘটনাৰ পিছত গোটেই ঘৰটোত বিদ্যুৎ প্ৰবাহিত হোৱাত চোতালত বহি থকা বিনীতৰ খুৰাকৰ জীয়েক পূজা কুমাৰী আৰু আৰতীও বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।

3 bro sist
শোকাবহ! বতাহত বাগৰি পৰা ত্ৰিৰংগা ঠিক কৰিবলৈ গৈয়েই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিল ৩ ভাতৃ-ভগ্নীৰ 2

ঘটনাৰ পিছতে স্থানীয়ে অঞ্চলটোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দুয়োগৰাকী ভগ্নীক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অন্যহাতে বিদ্যুৎ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱালৈকে চাঁদৰ ওপৰতে পৰি ৰয় বিনীতৰ মৃতদেহ।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালটো বাকীসকল সদস্য ঘৰৰ ভিতৰত থকাৰ বাবেই বিদ্যুৎস্পৃষ্ট হোৱাৰ পৰা ৰক্ষা পৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অন্যহাতে বিদ্যুৎ প্ৰবাহিত হোৱা পতাকাৰ লোহাৰ দণ্ডডালো লগে লগে বিদ্যুৎ বিভাগৰ কৰ্মীৰ দ্বাৰা আঁতৰোৱা হয়।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত চাঁদৰ ওপৰত ত্ৰিৰংগা পতাকা আঁৰিবলৈ গৈ এনেদৰে তিনি ভাতৃ-ভগ্নীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।