নিউজ ডেস্কঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হ’ল মাতৃ-শিশুসহ ৩ জনকৈ লোকৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিম গাৰো পাহাৰৰ পেডেলডোবা অঞ্চলত।
জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত এটা বনৰীয়া হাতীৰ জাকে পেডেলডোবাৰ কুৰুং গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। হাতীৰ জাকটোৱে গাঁওখনৰ খেতি পথাৰ, ভঁৰাল আদি লণ্ডভণ্ড কৰাৰ লগতে কেইবাটাও বাসগৃহও ভাগি পেলায়।
ইফালে বন্যহস্তীৰ প্ৰৱেশত আতংকিত হৈ পৰা গাঁওবাসীয়ে এন্ধাৰৰ সুযোগ লৈ ঘৰ এৰি পলায়নৰ চেষ্টা চলায় যদিও পিছে পিছে খেদি যায় হাতীৰ জাকটোৱে।
হাতীৰ ভয়ত নিৰাপদ স্থানলৈ ঢাপলি মেলা গাঁওখনৰ শৰতি লামা ৩২ বৰ্ষীয় মহিলাগৰাকীৰ লগতে তেওঁৰ ৫ বছৰীয়া পুত্ৰ সুমিত বিশ্বকৰ্মাক হাতীৰ জাকটোৱে আক্ৰমণ কৰাত দুয়োৰে ঘটনাস্থলীত মৃত্যু ঘটে।
ইফালে একেখন গাঁওৰে ভীম ৰয় (৪০) নামৰ এজন লোককো হাতীয়ে আক্ৰমণ কৰাত তেওঁৰো মৃত্যু ঘটে। বন্যহস্তীৰ আক্ৰমণত একে নিশাই এনেদৰে ৩জনকৈ লোকৰ মৃত্যুৱে অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, বিগত সময়ত হাতীৰ জাকে উপদ্ৰৱ চলাই আহিছে পেডেলডোবা অঞ্চলত। আৰক্ষী আৰু বন বিভাগে হাতীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছে যদিও প্ৰতিবাৰেই সেই প্ৰচেষ্টা ব্যৰ্থ কৰি আতংকৰ সৃষ্টি কৰি আহিছে বনৰীয়া হাতীৰ জাকে।