কাৰামুক্ত হৈ পুনৰ কৰ্তব্যত যােগদান SI জােনমণি ৰাভাৰ, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দায়িত্ব সম্পাদন

নিউজ ডেস্কঃ দীৰ্ঘদিনৰ পিছত আকৌ এবাৰ চৰ্চালৈ আহিছে বিতৰ্কিত এছ আই জোনমণি ৰাভা।

সোমবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দীৰ্ঘদিনৰ পিছত আৰক্ষীৰ পোছাকত দেখা পোৱা গ’ল বিতৰ্কিত এছআই গৰাকীক।

উল্লেখ্য যে, ভাৱীস্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগত ৪ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক।

photo1660562319
কাৰামুক্ত হৈ পুনৰ কৰ্তব্যত যােগদান SI জােনমণি ৰাভাৰ, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত দায়িত্ব সম্পাদন 2

বিধায়কক ধমক দি এসময়ত লেডী সিংঘম হিচাপে পৰিচিত হোৱা জোনমণিয়ে পৰৱৰ্তী সময়ত সম্পূৰ্ণ এমাহ ৪ দিন কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছিল।

আনহাতে প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে চাকৰিৰ পৰাও নিলম্বন কৰা হৈছিল জোনমণি ৰাভাক। কিন্তু ৮ জুলাইত জামিনত মুক্তিলাভ কৰাৰ পিছতে তেওঁ পুনৰ আৰক্ষীত যোগদান কৰে।

নগাঁৱতে পুনৰ যোগদানৰ সুযোগ লাভ কৰা জোনমণি ৰাভাক সোমবাৰে দেখা পোৱা গ’ল নৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কৰ্তব্য সম্পাদন কৰা।

পুনৰ খাকী পোছাকত জনমানসৰ চকুত পৰা জোনমণি ৰাভাক লৈ সেয়ে এতিয়া সামাজিক মাধ্যমতো চলিছে চৰ্চা।