শোকাবহ! পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে বাহনসহ কুঁৱাত বাগৰি পৰি মৃত্যু পিতৃৰ, গুৰুতৰভাৱে আহত পুত্ৰ

নিউজ ডেস্কঃ ঘৰৰ সমীপৰ এটা কুঁৱাত গাড়ীসহ বাগৰি পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী ব্যক্তিয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰত।

image 26
শোকাবহ! পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে বাহনসহ কুঁৱাত বাগৰি পৰি মৃত্যু পিতৃৰ, গুৰুতৰভাৱে আহত পুত্ৰ 3

জানিব পৰা মতে, কন্নুৰৰ নেল্লিকুনৰ নিৱাসী মথুকট্টু নামৰ ব্যক্তিজনে পুৱা তেওঁৰ ১৭ বছৰীয়া পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ কাষৰ এটা কুঁৱাত বাহনসহ বাগৰি পৰে।

image 25
শোকাবহ! পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে বাহনসহ কুঁৱাত বাগৰি পৰি মৃত্যু পিতৃৰ, গুৰুতৰভাৱে আহত পুত্ৰ 4

এই দুৰ্ঘটনাত ৫৮ বৰ্ষীয় মথুকুট্টুৰ ঘটনাস্থলীয়ে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় তেওঁৰ পুত্ৰ বিনছি (১৭)।

পিছত আৰক্ষী আৰু স্থানীয় লোকে ক্ৰেণৰ সহায়ত বাহনখন কুঁৱাৰ পৰা বাহিৰলৈ উলিয়াই আনি আহত কিশোৰজনক হাস্পতাললৈ প্ৰেৰণ কৰে।