ভুৱা প্ৰমান পত্ৰৰে APSCত অৱতীৰ্ণ হোৱাৰ অভিযোগ! ACS বিষয়া ডলী ডেকাৰ নিযুক্তিত স্থগিতাদেশ চৰকাৰৰ

নিউজ ডেস্কঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰিক্ষাত সফলতা অৰ্জন কৰা এগৰাকী এচিএছ বিষয়াৰ বিৰুদ্ধে ভুৱা প্ৰমানপত্ৰ দাখিলৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিষয়াগৰাকীৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰিলে চৰকাৰে।

ভুৱা EWS প্ৰমাণ পত্ৰ দাখিল কৰি অৰ্থনৈতিকভাৱে দুৰ্বল দেখুৱাই সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই নিৰ্দেশ জাৰি কৰে অসম চৰকাৰে।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰি এচিএছ বিষয়া হোৱা ডলী ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছিল ভুৱা EWS প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ।

ইয়াৰ পিছতে বিষয়টো গুৰুত্ব সহকাৰে লৈ ডলী ডেকাক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানতো উপস্থিত নহ’বলৈ নিৰ্দেশ দিছিল চৰকাৰে।

বিভিন্ন দল-সংগঠনে এচিএছ বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিছতে তেওঁৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰে চৰকাৰে।

জানিব পৰা মতে, ডলী ডেকাৰ EWSৰ প্ৰমাণ পত্ৰৰ চৰকাৰে পুনৰ পৰীক্ষা কৰাৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।