বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি বিধায়ক অখিল গগৈ…

নিউজ ডেস্কঃ বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি বিধায়ক অখিল গগৈ।

বুধবাৰে হাস্পতালখনত চিকিৎসাৰ বাবে ভৰ্তি হয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী।

তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হৈ আছে অখিল গগৈ।

যাৰ বাবে তেওঁ ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।

akhil gogoi hospital
বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি বিধায়ক অখিল গগৈ… 2

কিন্তু হাস্পতালখনৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক বাংগালুৰুলৈ অহাৰ পৰামৰ্শ দিছিল।

যাৰ পিছতে বিধানসভা সচিবালয়ৰ পৰা ঋণ লৈ বাংগালুৰুলৈ চিকিৎসাৰ বাবে আহে বিধায়কগৰাকী।

বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ থকা অখিল গগৈক যথেষ্ট ভাগৰুৱা দেখা গৈছে।