নিউজ ডেস্কঃ ১৫ মে’ৰ মাজনিশা নগাঁও জিলাৰ জখলাবন্ধাৰ সমীপৰ সৰুভগীয়াত সংঘটিত হৈছিল এটা ৰহস্যঘন দুৰ্ঘটনা।
এই দুৰ্ঘটনাটোতেই মৃত্যুক সাৱটিছিল মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই।
সাহসী, লেডী সিংঘমৰূপে পৰিচিত জোনমণিৰ ৰহস্যজনক মৃত্যুক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছিল চাঞ্চল্যৰ।
বিভিন্নজনে বিভিন্ন ধৰণেৰে এই দুৰ্ঘটনাক ৰূপ দিবলৈ চেষ্টা কৰি চৰ্চা অব্যাহত ৰখাৰ সময়তে দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শীৰূপে দাবী কৰি কেমেৰাৰ সন্মুখত আৱিৰ্ভাৱ ঘটিছিল বোকাখাতৰ এজন ড্ৰাইভাৰৰ।
সেই যুৱকজনেই হৈছে প্ৰণৱ দাস। বোকাখাতৰ ৰজাবাৰীৰ নিৱাসী প্ৰণৱ দাসে দাবী কৰা মতে, সেই নিশা তেওঁ গুৱাহাটীৰ পৰা ওভতাৰ পথত স্বচক্ষে দেখিছিল জোমমণি ৰাভাৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ প্ৰায় ৭ মিনিট পূৰ্বে এজন যুৱক জোনমণিৰ গাড়ীৰ পৰা নামি যোৱা বুলি দাবী কৰিছিল প্ৰণৱ দাসে।
আৰু সেই দাবীয়ে অধিক ৰহস্যঘন কৰি তুলিছিল এই দুৰ্ঘটনাকাণ্ড। মহিলা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু যে দুৰ্ঘটনা নহয়, সেই সন্দেহ ব্যক্ত কৰিছিল সকলোৱে।
কিন্তু এতিয়া সেই দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস নিজেই চৰ্চাৰ বিষয় হৈ পৰিছে।
প্ৰথমাৱস্থাত প্ৰায় সকলোৱেই প্ৰণৱ দাসৰ প্ৰতিটো কথা সঁচা বুলি মানি লৈছিল যদিও সময় পাৰ হোৱাৰ লগে লগে এতিয়া যুৱকজনৰ কথাক লৈ সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে সকলোৱে।
এই সন্দেহৰ সূত্ৰপাত ঘটে প্ৰথম তেতিয়া, যেতিয়া প্ৰণৱ দাসে যিজন ব্যক্তিৰ গাড়ী লৈ গুৱাহাটীৰ পৰা ওভতা বুলি দাবী কৰিছিল, সেই গাড়ীখনৰে মালিক মণি ডেকাই দিয়া ভাষ্য পোহৰলৈ আহে।
বগা ৰঙৰ এচি গোল্ড মেজিক ভ্যান খনৰ মালিক মণি ডেকা আৰু তেওঁৰ পত্নীয়ে দাবী কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ দিয়া গাড়ী চলোৱাই নাছিল প্ৰণৱ দাসে। গাড়ীখন লৈ সেইদিনা মণি ডেকাই সপত্নীক গৈছিল বোকাখাতলৈ।
বাটত গাড়ীৰ মেকানিকৰ ওচৰত গাড়ীখনৰ বেয়া হৈ থকা এটা লাইটো ভাল কৰাৰ কথা সদৰী কৰে মণি ডেকাই। এই কথা সঁচা বুলি নিশ্চিত কৰে মেকানিজনেও।
যদি প্ৰণৱ দাসে সেইদিনা গাড়ী চলোৱাই নাছিল, তেন্তে কিয় মালিকৰ নাম মণি ডেকা বুলি সংবাদ মাধ্যম আৰু আৰক্ষীক জনাইছিল তেওঁ?
এই প্ৰশ্নই যুৱকজনে পূৰ্বে কোৱা কথাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ গাড়ীৰ মালিকৰ এজন আত্মীয়ই দাবী কৰে যে প্ৰণৱ দাস আচলতে এজন চোৰ!
বোকাখাতৰ ৰজাবাৰী অঞ্চলত নালিয়া নামেৰে পৰিচিত প্ৰণৱ দাসে পূৰ্বেও চোৰ কৰি জে’ললৈ যাবলগীয়া হোৱা বুলি দাবী কৰে গাড়ীৰ মালিক মণি ডেকাৰ আত্মীয়ই।
অন্যহাতে পূৰ্বে প্ৰণৱ দাসৰ সম্পৰ্কীয়ও তেওঁৰ চৰিত্ৰক লৈ সন্দেহ বৃদ্ধি কৰিব পৰা মন্তব্য কৰিছিল।
এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ গৈ নিজেই ৰহস্য হৈ পৰা প্ৰণৱ দাসে কিমান সঁচা কথা কৈছে তাক লৈ সন্দেহ অনেক বৃদ্ধি পাইছে।
কিয়নো শেহতীয়াকৈ ৰজাবাৰীৰ এখন ফাৰ্মাচীৰ চিচি টিভিৰ ফুটেজত দেখা পোৱা গৈছে প্ৰণৱ দাসক।
দাবী কৰা মতে, জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনৰে সন্ধিয়াৰ ফুটেজ এয়া। ফাৰ্মাচীলৈ কোনো ঔষধ ক্ৰয় কৰিবলৈ অহাৰ সময়ত চিচি টিভি কেমেৰাত বন্দী হয় প্ৰণৱ দাস।
এগৰাকী স্থানীয়ই দাবী কৰা মতে, সেইদিনা সন্ধিয়া ৪ বজাৰ পিছত ফাৰ্মাচীত প্ৰণৱ দাসৰ সৈতে দেখাদেখি হৈছিল তেওঁৰ।
কিন্তু লক্ষণীয়ভাৱে প্ৰণৱ দাসে দাবী কৰা মতে, দুৰ্ঘটনাৰ দিনাখন মেজিক গাড়ীখন লৈ বিয়লি ৩ বজাত তেওঁ বোকাখাতৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল। প্ৰায় ৬.৩০ বজাত তেওঁ পাইছিল খানাপাৰা।
সন্ধিয়া ৭.৩০ বজাত তেওঁ পুুনৰ উভতি অহাৰ পথত নিশা প্ৰায় ডেৰ বজাত সাক্ষী হয় জোনমণিৰ দুৰ্ঘটনাৰ।
কিন্তু যদি বিয়লি ৪ বজালৈকে প্ৰণৱ দাস ৰজাবাৰীতে আছিল, তেন্তে কিদৰে তেওঁ ৩ বজাতে গুৱাহাটীলৈ গ’ল? যদি মণি ডেকাৰ গাড়ী তেওঁ সেইদিনা চলোৱাই নাছিল, তেন্তে কাৰ গাড়ী লৈ গুৱাহাটী গৈছিল প্ৰণৱ দাস?
এনে প্ৰশ্নই এতিয়া প্ৰত্যক্ষদৰ্শী খোদ প্ৰণৱ দাসৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে। তেওঁ কোৱা কথাবোৰ মানি ল’ব পাৰি নে নোৱাৰি, তাক লৈ দোমোজাত পৰিছে সাধাৰণ জনতা।
প্ৰণিধানযোগ্য যে, প্ৰায় দুবছৰমান পূৰ্বেও কিছু সময়ৰ বাবে হ’লেও চৰ্চিত হৈছিল প্ৰণৱ দাস।
সেই সময়ত প্ৰণৱ দাসে কেইবামাহো ধৰি দৰমহা লাভ নকৰাৰ বাবে ক্ষুব্ধ হৈ মালিকৰ ঘৰত চলি থকা নাৰী দেহৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক অৱগত কৰিছিল।
তেতিয়া প্ৰণৱ দাসৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই নাৰী দেহৰ ব্যৱসায় চক্ৰ উৎখাত কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ কণ্ডম।
তেতিয়াৰ পিছত এতিয়া পুনৰ চৰ্চিত হৈ পৰিছে প্ৰণৱ দাস। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি নিজকে দাবী কৰি সাংবাদিকৰ মুখামুখি হোৱাৰ পিছৰে পৰা প্ৰতিটো দিনতেই কেনেবাকৈ নহয় কেনেবাকৈ চৰ্চাৰ বিষয় হৈ পৰিছে এইজন যুৱক।
বহুতৰে এতিয়া ধাৰণা হৈছে- প্ৰণৱ দাসে মিছা মাতিছে। সস্তীয়া পৰিচয় লাভৰ স্বাৰ্থত প্ৰণৱ দাসে মনেসজা কাহিনী ৰচিছে।
আন একাংশই কৈছে- মিছা কাহিনীৰে কাৰোবাৰ কু-অভিসন্ধিৰ মাধ্যম হৈ প্ৰণৱ দাসে বিপথে পৰিচালিত কৰিব বিচাৰিছে আৰক্ষীৰ তদন্তক।
আন একাংশৰ মতে- হয়তো প্ৰণৱ দাস ওৰফে নালিয়া মানসিকভাৱে অসুস্থও হ’ব পাৰে।
কিন্তু কাৰণ যিয়েই নহওক, এয়া সত্য যে প্ৰণৱ দাসৰ কথাত বিশ্বাস কৰিবলৈও এতিয়া অসুবিধা কিছু হ’লেও হৈছে।
এনে পৰিপ্ৰেক্ষিতত চিবিআইৰ তদন্তত কোন সঁচা, কোন মিছা সেয়া পোহৰলৈ আহিব বুলি সকলোৱে আশাৰে অপেক্ষা কৰিছে।