অসমীয়াঅসম

শোকাবহ! নৱবৰ্ষ উদযাপনৰ মাজতে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু অধিবক্তা দেৱজিৎ বৰুৱাৰ…

নিউজ ডেস্কঃ নৱবৰ্ষ উদযাপনৰ মাজতে দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা অধিবক্তাৰ মৃত্যু।

সোমবাৰে হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ধেমাজি আদালতৰ অধিবক্তা তথা সৰবৰহী যুৱক দেৱজিৎ বৰুৱা (৪৬)ৰ।

উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ সন্ধিয়া ধেমাজি উপায়ুক্ত কাৰ্যালয়্ৰ সন্মুখত বাইক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল দেৱজিৎ বৰুৱা।

image 13

সন্ধিয়া বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ সময়তে দেৱজিৎ বৰুৱাৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটিছিল আন এখন বাইকৰ।

ইয়াৰ পিছতে আহত অধিবক্তাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে সোমবাৰে বিয়লি প্ৰায় ২ বজাত মৃত্যু ঘটে ধেমাজি নগৰৰ ৩নং ৱাৰ্ডৰ নিৱাসী যুৱকজনৰ।

এটি ৯ মহীয়া সন্তানৰ পিতৃ দেৱজিৎ বৰুৱাৰ এই বিয়োগৰ খবৰে সমগ্ৰ ধেমাজিতে শোকৰ ছাঁ পেলাইছে।