অসমীয়াৰাষ্ট্ৰীয়

প্ৰেমিক স্বামী! পত্নীৰ মৃত্যুৰ পিছত জীৱন্ত প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অসমৰ মুগাৰ সাজ পিন্ধাই বহুৱাই ৰাখিলে ঘৰৰ ছোফাত, সদায় লয় যতন…

নিউজ ডেস্কঃ প্ৰেমিক ছাহজাহানে পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমহল।

কিন্তু কলকাতাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে পত্নীৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিবলৈ নোৱাৰিলেও পত্নীৰ এটা জীৱন্ত প্ৰতিমূৰ্তিৰ সৈতেই এতিয়া একেটা ঘৰত কৰিছে সহবাহ।

কলকাতাৰ কৈখালীৰ ৬৫ বৰ্ষীয় অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তাপস সান্দিল্যই প্ৰায় দুবছৰ পূৰ্বে হেৰুওৱা পত্নীৰ স্মৃতিত প্ৰায় ২.৫ লাখ টকাৰে নিৰ্মাণ কৰিছে পত্নীৰ এটা জীৱন্ত ছিলিকনৰ প্ৰতিমূৰ্তি।

image 10

নিজৰ ঘৰৰ কোঠাৰ ছোফাত বহুৱাই ৰখা এই প্ৰতিমূৰ্তিটোৰ মাজতেই নিজৰ হেৰুওৱা পত্নীক বিচাৰিবলৈ চেষ্টা কৰিছে তাপস সান্দিল্যই।

পত্নী জীয়াই থকা কালত কৰাৰ দৰে এতিয়াও সেই প্ৰতিমূৰ্তিটোৰ চুলি ফনিয়াই, কাপোৰ পিন্ধাই যতন লয় অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীগৰাকীয়ে।

জীৱিত কালত যিখন ছোফাত পত্নীয়ে প্ৰায়ে বহিছিল, সেই ছোফাখনতে বহুৱাই ৰখা হৈছে প্ৰতিমূৰ্তিটো।

image 11

জীৱিত কালত পিন্ধি ভালপোৱা সোণৰ গহনা আৰু পুত্ৰৰ বিয়াত পিন্ধা অসমৰ পাট-মুগাৰ সাজযোৰ পিন্ধি সাইলাখ জীৱন্ত ৰূপতেই তাপস সান্দিল্যক সংগ দিছে মৃত পত্নীয়ে।

দৰাচলতে কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত আকস্মিকভাৱে মৃত্যুক সাৱটি লৈছিল তাপস সান্দিল্যৰ পত্নী ইন্দ্ৰানীয়ে।

image 12

জীয়াই থকা কালত এবাৰ তেওঁলোকে মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ সময়ত তাত ছিলিকনৰ প্ৰতিমূৰ্তি এটা দেখি মৃত্যুৰ পিছতো নিজৰো এটা তেনে প্ৰতিমূৰ্তি নিৰ্মাণৰ ইচ্ছা ব্যক্ত কৰিছিল ইন্দ্ৰানীয়ে।

পত্নীৰ সেই ইচ্ছাকে পূৰণ কৰি আৰু পত্নীৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে তাপস সান্দিল্যই শেহতীয়াকৈ নিৰ্মাণ কৰোৱাইছে প্ৰায় ৩০ কেজি ওজনৰ পত্নীৰ এই জীৱন্ত প্ৰতিমূৰ্তিটো।