চাঞ্চল্যকৰ! প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই কলেজ চৌহদতে নৃশংসভাৱে হত্যা যুৱতীক…

নিউজ ডেস্কঃ প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই কলেজ চৌহদতে এগৰাকী ছাত্ৰীক নৃশংসভাৱে হত্যা যুৱকৰ।

ছুৰীৰে উপৰ্যুপৰি আঘাত কৰি যুৱতীগৰাকীক হত্যা কৰাৰ পিছত নিজেও আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বাংগালুৰুৰ প্ৰেচিডেন্সি ইউনিভাৰ্চিটি কলেজৰ চৌহদত।

জানিব পৰা মতে, কলেজখনৰ বি.টেকৰ ছাত্ৰী লায়স্মিতাক দীৰ্ঘদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল পৱন কল্যাণ নামৰ এজন যুৱকে।

কিন্তু ১৯ বৰ্ষীয় যুৱতীগৰাকীয়ে এই প্ৰেমৰ প্ৰস্তাৱ বাৰে বাৰে অস্বীকাৰ কৰাত সোমবাৰে ছাত্ৰীগৰাকীৰ ওপৰত আক্ৰমণ চলায় পৱন কল্যাণে।

ছুৰীৰে লায়স্মিতাৰ শৰীৰত কেইবাবাৰো আঘাত কৰাত ৰক্তক্ষৰণ ঘটি ঘটনাস্থলীতে মৃত্যু ঘটে যুৱতীগৰাকীৰ।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি নিজেও আত্মহননৰ চেষ্টা চলায় যুৱকজনে।

কিন্তু ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।