শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৰাজ্যৰ প্ৰসিদ্ধ জ্যোতিষী ফটিক শইকীয়াৰ…

নিউজ ডেস্কঃ এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে লখিমপুৰৰ প্ৰখ্যাত জ্যোতিষী তথা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ফটিক শইকীয়া (৭০)ই।

দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্হত নাৰায়ণপুৰ নগৰৰ ২নং ৱাৰ্ডৰ ৰাজীৱ ভৱনৰ সন্মুখৰ ১৫ নং ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে, দেওবাৰে বিয়লি প্ৰায় ৪ বজাত ধলপুৰ বেলাইমৰা নিৱাসী জ্যোতিষী ফটিক শইকীয়াই নাৰায়ণপুৰ নগৰৰ পৰা ধলপুৰ অভিমুখে মটৰ চাইকেলেৰে গৈ থকা সময়ত লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন তীব্ৰবেগী ট্ৰাকে তেওঁক মহতিয়াই নিয়ে।

photo1667799943
শোকাবহ! দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ৰাজ্যৰ প্ৰসিদ্ধ জ্যোতিষী ফটিক শইকীয়াৰ… 2

এই ভয়াবহ দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে ফটিক শইকীয়াৰ।

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে যদিও সন্ধিয়া আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড প্রস্তুত কৰি তালাচী চলাই সন্দেহবশতঃ চকাত তেজ লাগি থকা এন এল-০১ এ জি-০০৬০ নম্বৰৰ ট্ৰাকখন জব্দ কৰে।

আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক বৰ্তমান আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, দেশৰ বিগত ৪টা সাধাৰণ নিৰ্বাচনৰ সঠিক ভৱিষ্যদ্বাণী কৰি ৰাজ্যৰ এগৰাকী প্ৰভাৱশালী জ্যোতিষী হিচাপে পৰিচিত হৈ পৰিছিল ফটিক শইকীয়াই।

তেওঁৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকাহত হৈ পৰিছে নাৰায়ণপুৰবাসী।