চাঞ্চল্যকৰ! নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে খুলি লৈ গ’ল শুকুৰ আলীৰ গেৰেজত ৰখাই থোৱা ট্ৰাকৰ ৮টাকৈ চকা…

নিউজ ডেস্কঃ চোৰৰ সন্ত্ৰাসে আতংকৰ সৃষ্টি কৰিছে দৰঙৰ ধূলাত। একেদিনাই ধূলাত সংঘটিত দূটাকৈ চুৰিকাণ্ডৰ ঘটনাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, শনিবাৰে ধূলাৰ বলোগড়া আৰু ওজাগাঁৱত চোৰে সংঘটিত কৰে দুটাকৈ চুৰিকাণ্ড।

বিয়লিৰ ভাগত চোৰে ওজাগাঁৱৰ নিৱাসী গফুৰ আলী নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰি কাৰ্য সংঘটিত কৰাৰ পিছত নিশা চুৰিকাণ্ড সংঘটিত কৰে বলোগড়াস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা শুকুৰ আলীৰ গেৰেজত।

photo1667799760
চাঞ্চল্যকৰ! নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে খুলি লৈ গ’ল শুকুৰ আলীৰ গেৰেজত ৰখাই থোৱা ট্ৰাকৰ ৮টাকৈ চকা… 2

নিশা চোৰে শুকুৰ আলী নামৰ ব্যক্তিজনৰ গেৰেজত প্ৰৱেশ কৰি এখন ট্ৰাকৰ ৮টাকৈ চকা চুৰি কৰি লৈ যোৱাৰ ঘটনা সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

ইতিমধ্যে গৃহস্থই এই চুৰি কাৰ্য সন্দৰ্ভত আৰক্ষীক অৱগত কৰিলেও আৰক্ষীয়ে এতিয়ালৈকে কৰায়ত্ত কৰিব পৰা নাই চোৰক।

দৰঙৰ ধূলাৰ লগতে বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা এই চুৰিৰ ঘটনাই সাধাৰণ জনতাৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰি ৰাখিছে।